🔹 উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়
🔹 ফেচবুকৰ পৰা আঁতৰি থাকিবলৈ ন্যায়াধীশক আহ্বান
নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : ফেচবুক ব্যৱহাৰ কৰা উচিত নহয় বিচাৰকসকলে৷ এটা গোচৰৰ শুনানিত এই মন্তব্য আগবঢ়ালে উচ্চতম ন্যায়ালয়ে৷ অকল ফেচবুকেই নহয়, কোনো ছ’চিয়েল মিডিয়াত বিচাৰকসকল থকা উচিত নহয় বুলি শীর্ষ আদালতখনৰ তৰফৰ পৰা পর্যবেক্ষণ আগবঢ়োৱা হৈছে৷ বিচাৰকসকলৰ জীৱন সন্ত–সন্ন্যাসীৰ দৰে হ’ব লাগে বুলিও শীর্ষ আদালতখনৰ তৰফৰ পৰা মন্তব্য আগবঢ়োৱা হৈছে৷ মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ৰ দুগৰাকী মহিলা ন্যায়াধীশক বর্খাস্ত কৰাৰ বিৰুদ্ধে গোচৰৰ শুনানি চলিছিল উচ্চতম ন্যায়ালয়ত৷ উল্লেখ্য যে ন্যায়াধীশ অদিতি কুমাৰ শর্মা আৰু সৰিতা চৌধাৰীক বর্খাস্ত কৰা হৈছে৷ দুয়োগৰাকী ন্যায়াধীশে শীর্ষ আদালতখনক এই সিদ্ধান্তৰ প্রত্যাহ্বানেৰে আবেদন জনাইছিল৷ এই গোচৰটোত দুয়োগৰাকী ন্যায়াধীশৰ বিৰুদ্ধে তেওঁলোকে কৰা এটা ফেচবুক পোষ্ট আদালতত দাখিল কৰা হয়৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিভি নাগাৰত্না আৰু ন্যায়াধীশ এন কোটিশ্বৰ সিঙৰ বিচাৰপীঠে দুয়োগৰাকী ন্যায়াধীশক উদ্দেশ্যি মন্তব্য কৰে– ‘ছ’চিয়েল মিডিয়া এক মুকলি মঞ্চ৷ আপোনালোকে সন্ন্যাসীৰ দৰে জীৱন যাপন কৰিব লাগিব আৰু কাম কৰিব লাগিব ঘোঁৰাৰ দৰে৷ বিচাৰক আৰু বিচাৰপতিসকলে বহু ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়৷ তেওঁলোকে কেতিয়াও ফেচবুকলৈ যোৱা উচিত নহয়৷’ কোনো গোচৰত বিচাৰকসকলে ব্যক্তিগত মতামত ছ’চিয়েল মিডিয়াত প্রকাশ কৰা উচিত নহয় বুলিও মৌখিক পর্যবেক্ষণ আগবঢ়ায় শীর্ষ আদালতৰ দুয়োগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে৷ উল্লেখ্য যে এনে কার্যৰ ফলত ন্যায়াধীশসকলৰ নিৰপেক্ষতাক লৈ প্রশ্ণ উঠে বুলি বিচাৰপীঠখনে মন্তব্য আগবঢ়ায়৷ লক্ষণীয়ভাৱে দুয়োগৰাকী ন্যায়াধীশৰ হৈ উচ্চতম ন্যায়ালয়ত ওকালতি কৰা অধিবক্তাগৰাকীয়েও শীর্ষ আদালতৰ পর্যবেক্ষণৰ প্রতি সহমত পোষণ কৰিছে৷