নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ প্ৰচণ্ড শীত নেওচি দ্বিতীয় দিনাও নৰ্থ ইষ্ট ফেষ্টিভেলত উৎসাহী জনতাৰ ভিৰ

বিশেষ বাৰ্তা, ২৩ ডিচেম্বৰ : দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আয়োজিত ১১সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেলে যেন ৰাজধানী চহৰখনৰ খ্ৰীষ্টমাচ উদযাপনত প্ৰাণ সংযোগ কৰিছে। ২২ ডিচেম্বৰত আড়ম্বৰপূৰ্ণভাৱে আৰম্ভ হোৱা ফেষ্টিভেলৰ দ্বিতীয় দিনাও হাজাৰ হাজাৰ উৎসাহী পৰ্যটকৰ ভিৰে ইয়াৰ প্ৰাণচঞ্চল গতি অব্যাহত ৰাখে। ‘মেড ইন নৰ্থ ইষ্ট’ৰ ১০০গৰাকী উদ্যোগীয়ে প্ৰদৰ্শন কৰা কৃষি-হৰ্টি, হস্ততাঁত, হস্তশিল্প আৰু সংসাধিত খাদ্য সামগ্ৰীয়ে পৰ্যটকসকলক পছন্দৰ সামগ্ৰী ক্ৰয়ৰ লগতে উত্তৰ-পূব অন্বেষণৰ সুযোগ প্ৰদান কৰে। আকৰ্ষণীয় পেকেজৰ সৈতে উত্তৰ-পূব ভাৰতৰ জনপ্ৰিয় আৰু দুৰ্গম-কম পৰিচিত পৰ্যটনথলীসমূহ আৱিষ্কাৰ কৰিবলৈ পৰ্যটকসকলে আগ্ৰহ প্ৰকাশ কৰাৰ ফলত পৰ্যটন বিপণীসমূহে সৰ্বাধিক গুৰুত্ব লাভ কৰে। খ্ৰীষ্টমাচৰ উৎসৱমুখৰ পৰিৱেশত বেকাৰী, অন্যান্য খাদ্য সামগ্ৰীৰ লগতে গৃহসজ্জা, কাপোৰ আৰু অন্যান্য বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰীৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাকৰিত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। থলুৱা বস্ত্ৰৰ প্ৰসাৰৰ লক্ষ্যৰে আয়োজিত দ্বিতীয় দিনাৰ সন্ধিয়াৰ ফেশ্বন শ্ব’ত ইষ্টাৰ্ন লাইট জিমিক, গৰ্বিতা শৰ্মা, পল্লৱীজ ছিল্ক ৱাণ্ডাৰ আৰু আই ডব্লিউ এৰ দৰে উত্তৰ-পূবৰ প্ৰসিদ্ধ ডিজাইনাৰসকলৰ দ্বাৰা থলুৱা বস্ত্ৰ আৰু অপূৰ্ব-বৈচিত্ৰ্যপূৰ্ণ ডিজাইন প্ৰদৰ্শন কৰা হয়। সংগীতৰ সন্ধিয়াটোত ৰং সানে ডি জে কৰণ বি, নাগালেণ্ড কালেক্টিভ, জেল’, চাই তাৰা, ইউ এন বি, ছিকিমৰ নেপালী ৰক বেণ্ড গিৰীশ এণ্ড দ্য ক্ৰনিকলছে। সামৰণী অনুষ্ঠানত বলীউডৰ অভিনেতা-গায়িকা শ্ৰুতি হাছান আৰু তেওঁৰ বেণ্ডৰ দুৰ্দান্ত আৰু বহুমুখী প্ৰদৰ্শনে দৰ্শকৰ হৃদয় জয় কৰে। মুখ্য সংগঠক শ্যামকানু মহন্তই দিল্লীবাসীৰ এই অভূতপূৰ্ব সঁহাৰিত সন্তুষ্টি প্ৰকাশ কৰি কয়- “ফেষ্টিভেলৰ প্ৰথম দিনটোত অফিচ-স্কুল সকলো খোলা থকা সত্ত্বেও আমি ভবাতকৈ বহু বেছি ভিৰ দেখা গ’ল। বিশেষকৈ খাদ্যৰ বিপণীবোৰত থলুৱা জুতিৰ সোৱাদে সকলোকে পৰম তৃপ্তি দিছে। পোৰা গাহৰিৰ মাংস, বাঁহ গাজৰ সৈতে কুকুৰাৰ মাংস, ঔ টেঙাৰ সৈতে মচুৰ দাইল আৰু নগা পানীয় জুথ’ৰ জুতি লৈ পৰ্যটকে ভালকৈ শীত উদযাপন কৰিছে। ভাল লগা কথাটো হ’ল, আমাৰ ফেশ্বন ডিজাইনাৰসকলে ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিছে। কিছুসংখ্যকে ইয়াতেই দিল্লীৰ অভিজাত ক্ৰেতাৰ ভাল বজাৰ পাইছে। আমি তৃতীয় দিনা আৰু অধিক জনসমাগমৰ আশা কৰিছোঁ। বিশেষকৈ অসমৰ জুবিন গাৰ্গৰ অনুৰাগীসকলে উক্ত দিনা পূৰ্বৰ দৰেই ভিৰ কৰিবহি।” এই বছৰ উত্তৰ-পূবৰ লগতে দিল্লী আৰু ভাৰতৰ অন্যান্য প্ৰান্তৰ বিপণীসমূহৰ গুৰুত্বপূৰ্ণ অংশগ্ৰহণ দৃষ্টিগোচৰ হৈছে। এগৰাকী ১৫ বছৰীয়া শিল্পী আৰু এবনৰ্মেল নামৰ সংস্থাৰ প্ৰতিষ্ঠাপক আৰোহী ভাটে তেওঁৰ ব্ৰেণ্ডৰ প্ৰচাৰৰ ক্ষেত্ৰত ফেষ্টিভেলৰ প্ৰতি বিশ্বাস ব্যক্ত কৰি কয়- “এইবাৰেই নৰ্থ ইষ্ট ফেষ্টিভেলত মোৰ প্ৰথম অংশগ্ৰহণ। আৰম্ভণিৰ দিনাৰ পৰাই যথেষ্ট ভিৰ আৰু ব্যস্ততা দেখি ফেষ্টিভেলৰ ব্যাপক জনপ্ৰিয়তাৰ কথা বুজিছোঁ। মোৰ প্ৰতিস্থান এবনৰ্মেল হৈছে দৈনন্দিন বিদ্ৰোহৰ এক প্ৰকাশ, সমসাময়িক প্ৰজন্মৰ বাবে সামাজিক নিয়মবোৰক প্ৰত্যাহ্বান জনোৱাৰ আৰু তেওঁলোকৰ প্ৰকৃত স্বৰূপক পূৰ্বতকৈ অধিক সাহসেৰে আঁকোৱালি লোৱাৰ বাৰ্তা। আমাৰ শিল্পকৰ্মবোৰে সাহসেৰে সমতা, মানসিক স্বাস্থ্য, স্থিৰতা, গ্ৰহণযোগ্যতা আৰু ইয়াৰ ঊৰ্ধ্বৰ বহুতো বাৰ্তা প্ৰতিধ্বনিত কৰে।” এম এছ এম ইৰ সমৰ্থিত ধন্বন্তৰী আয়ুৰ্বেদিক ঔষধি ভাণ্ডাৰৰ জিত ধ্ৰুৱই সফল বিক্ৰীৰ প্ৰতিবেদন প্ৰকাশ কৰি কয়- “এইবাৰৰ সৈতে নৰ্থ ইষ্ট ফেষ্টিভেলত আমাৰ একেৰাহে তৃতীয়বাৰ অংশগ্ৰহণ। যোৱা বছৰ আমি সফলতাৰে মুঠ ৩.৫ লাখ টকাৰ ব্যৱসায় কৰিছিলোঁ। আমাৰ নৈবেদ্যবোৰ আয়ুৰ্বেদিক আৰু সম্পূৰ্ণ প্ৰাকৃতিক। আনন্দৰ কথা যে এই বছৰ প্ৰথম দিনটোতে আমি অভূতপূৰ্ব হাৰত সামগ্ৰী বিক্ৰী কৰিছোঁ।” নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীৰ আটাইতকৈ প্ৰাণৱন্ত উদযাপন হৈ পৰিছে। থলুৱা সামগ্ৰী আৰু উৎকৃষ্ট খাদ্য, সংগীত, ফেশ্বন আৰু কলাৰ মাধ্যমেৰে সংস্কৃতিৰ স্পন্দনশীল প্ৰদৰ্শন আগবঢ়োৱা নৰ্থ ইষ্ট ফেষ্টিভেলে এক বৃহৎ পৰিসৰৰ দৰ্শকক সামৰি লয়। অনুষ্ঠানটোৰ এক ব্যতিক্ৰমী দিশ হৈছে বিশেষকৈ সমৃদ্ধ পৰ্যটন খণ্ডৰ ভিতৰত ব্যৱসায় আৰু বিনিয়োগৰ সুযোগৰ প্ৰৱেশদ্বাৰ হিচাপে ইয়াৰ ভূমিকা। উত্তৰ-পূৰ্বাঞ্চল ইয়াৰ উল্লেখযোগ্য ঐতিহ্য, বিবিধ বন্যপ্ৰাণী আৰু সমৃদ্ধ সংস্কৃতিৰ সৈতে কেৱল ভ্ৰমণৰ বাবেই এক সুন্দৰ ঠাই নহয়, বৰঞ্চ বাসস্থানৰ বাবেও এক আমন্ত্ৰণমূলক গন্তব্যস্থান। আজিৰ দিনটোৰ বিশেষ কাৰ্যসূচীৰ ভিতৰত আছিল বিশ্বজুৰি উচ্চ প্ৰশংসিত ডুডল শিল্পী আৰু চিত্ৰকৰ শান্তনু হাজৰিকাই পৰিচালনা কৰা কৰ্মশালাখন। কৰ্মশালাখনে চিত্ৰৰসিকসকলক আকৰ্ষণ কৰে। একে সময়তে অপেন মাইকত পৰিৱেশিত শব্দ সংগীত, কবিতাৰ প্ৰদৰ্শন আৰু ৰেপ সংগীতে দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। শ্বাডি মেলো নামেৰে জনাজাত ৰেপ শিল্পী স্বগত য়েইনে কৃতজ্ঞতা জ্ঞাপন কৰি কয়- “নৰ্থ ইষ্ট ফেষ্টিভেলত প্ৰদৰ্শন কৰিবলৈ পোৱাটো এক বিশাল সন্মান। যি কেৱল মোৰ জনজাতি আৰু ৰাজ্যকে নহয়, হিপ হপ সংগীতৰ মৰ্মকো প্ৰতিনিধিত্ব কৰে। সাৰ্বজনীন শান্তি, প্ৰেম আৰু ইতিবাচকতাৰ বাৰ্তা ভগাই ল’বলৈ এখন মঞ্চ প্ৰদান কৰাৰ বাবে মই সমগ্ৰ এন ই এফ দলটোক অপৰিসীম কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ফেষ্টিভেলৰ দৰ্শকসকলো চমৎকাৰ আছিল। তেওঁলোকে সাংঘাতিক উৎসাহ দেখুওৱা বাবে মই মোৰ প্ৰদৰ্শন ভালদৰে উপভোগ কৰিছিলোঁ।”

You might also like