নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনাৰ দৃষ্টি আঁতৰাবলৈ বনাঞ্চলত জুই পাক সেনাৰ

🔹 অনুপ্রৱেশৰ চেষ্টা কৰোঁতে পাক সন্ত্রাসবাদীক গুলীয়াই হত্যা

বিশেষ বাৰ্তা, ২৩ ডিচেম্বৰ : জম্মু–কাশ্মীৰৰ আন্তর্জাতিক সীমান্তৰে ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰিবলৈ ৪ পাক সন্ত্রাসবাদীয়ে চলোৱা চেষ্টাক আজি পুৱা ব্যর্থ কৰে ভাৰতীয় সেনাই৷ অঞ্চলটোৰ আখনুৰত আজি পুৱা পাক সেনাই বনাঞ্চলত জুই দি আন্তর্জাতিক সীমান্তৰে ৪ পাক সন্ত্রাসবাদীক ভাৰতীয় ভূমিত অনুপ্রৱেশৰ চেষ্টা চলাওঁতে কর্তব্যৰত ভাৰতীয় সেনাই গুলীচালনা কৰি এটা সন্ত্রাসবাদীক হত্যা কৰে৷ ইয়াৰ পিছতে পাক সেনাই বনাঞ্চলত জুই দি ভাৰতীয় সেনাৰ দৃষ্টি আঁতৰাবলৈ চেষ্টা কৰে যদিও সেনাই গুলীচালনা কৰাত বাকীকেইটা সন্ত্রাসবাদীয়ে সতীর্থৰ মৃতদেহ লৈ আঁতৰি যায়৷ ইপিনে, পুঞ্চ জিলাত পাক সন্ত্রাসবাদীৰ হাতত ৫ ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ পিছত উক্ত অঞ্চলটোত সন্ত্রাসবিৰোধী অভিযান তীব্রতৰ কৰি তুলিছে৷ সন্ত্রাসবাদীৰ গতিবিধিৰ প্রতি লক্ষ্য ৰাখি উক্ত অঞ্চল বিশেষকৈ পুঞ্চ আৰু ৰাজৌৰিত ইণ্টাৰনেট সেৱা বাতিল কৰা হৈছে৷ আনহাতে, ভাৰতীয় সেনাই সোধা–পোছাৰ বাবে আটক কৰা ৩জন লোকৰ ৰহস্যজনক মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে৷ এই ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰিছে জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী মেহবুবা মুফতিয়ে৷

You might also like