নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ ব্রিটেইনৰ পৰা বিস্তাৰ ঘটা অতি সংক্রামক নতুন ক’ৰোনাত ভাৰতত পুনৰ চাৰিগৰাকী লোক আক্রান্ত হোৱা বুলি ধৰা পৰিছে৷ এতিয়ালৈকে এই নতুন ক’ৰোনাত আক্রান্ত ২৯গৰাকী লোক ভাৰতত পোৱা গৈছে বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ঘোষণা কৰিছে৷
উল্লেখনীয় যে ব্রিটেইনৰ অতি সংক্রামক নতুন ক’ৰোনাত আক্রান্ত এই ২৯গৰাকী লোকৰ ৮গৰাকীক নতুন দিল্লীৰ এনচিডিচিত পজিটিভ বুলি ঘোষণা কৰাৰ বিপৰীতে দুগৰাকীক আইজিআইবিত, ৫গৰাকীক এনআইভি পুনেত, তিনিগৰাকীক চিচিএমবি হায়দৰাবাদত, ১০গৰাকীক এনআইএমএইচ এইচএএনএছ বাংগালুৰুত আৰু এজনক এনআইবিএমজি কল্যাণীত পজিটিভ বুলি ঘোষণা কৰা হৈছে৷ ডিচেম্বৰ মাহত এই নতুন ক’ৰোনাৰ উপস্থিতি ধৰা পৰিছিল ব্রিটেইনত৷