নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকুম্ভ দর্শনৰ সুযোগ নষ্ট ! ৫০ লাখ ক্ষতিপূৰণ দাবী

🔹 শীর্ষ বিষয়ালৈ পত্র লিখি গোচৰ তৰাৰ হুংকাৰ বিহাৰৰ যুৱকৰ

নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : টিকট কাটিও ৰে’লত উঠিব নোৱাৰিলে৷ ৰে’ল বিভাগৰ গাফিলতিৰ বাবে মহাকুম্ভলৈ যোৱা নহ’ল যুৱকৰ৷ পুণ্যৰ সুযোগ হেৰুওৱা বাবে ভাৰতীয় ৰে’লৰ ওচৰত বিপুল পৰিমাণৰ ধন ক্ষতিপূৰণ হিচাপে দাবী কৰিছে যুৱকজনে৷ ৰে’ল বিভাগলৈ জাননী প্রেৰণ কৰি ৫০ লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰিছে এই যুৱকজনে৷ জানক কিশোৰ ঝা ওৰফে ৰঞ্জনে অভিযোগ কৰিছে যে মহাকুম্ভত যোগ দিবলৈ যোৱা ২৬ জানুৱাৰীত স্বতন্ত্র সেনানি এক্সপ্রেছৰ এচি দবাৰ তিনিটা টিকট কাটিছিল তেওঁ৷ পৰিয়ালসহ নির্দিষ্ট সময়ত ষ্টেচনত উপস্থিত হ’লেও যুৱকজনে ৰে’লত উঠিব নোৱাৰিলে৷ অভিযোগ অনুসৰি, ৰে’লখনৰ দবাৰ ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি থোৱা আছিল৷ গতিকে, কিশোৰ আৰু তেওঁৰ পৰিয়ালৰ অন্য দুগৰাকী সদস্যই ৰে’লত উঠিব নোৱাৰিলে৷ অন্য দবাত যথেষ্ট ভিৰ আছিল বাবে সেই দবাসমূহতো উঠিব নোৱাৰিলে যুৱকজনে৷ বিহাৰৰ গাইঘাট থানা অঞ্চলৰ এই যুৱকজনে দাবী কৰা অনুসৰি, ষ্টেচনত উপস্থিত ৰে’ল বিভাগৰ বিষয়াসকলক তেওঁ এই কথা অৱগত কৰিছিল৷ কিন্তু এইক্ষেত্রত কোনেও তেওঁক সহায় নকৰিলে৷ শেষত ষ্টেচনৰ পৰা যাত্রা কৰে ৰে’লখনে৷ এই ঘটনাত ক্ষুব্ধ হৈ ৰে’লৱেৰ অধ্যক্ষ তথা মুখ্য কার্যবাহী বিষয়ালৈ পত্র লিখিছে জানক কিশোৰ ঝাই৷ এই পত্রত কিশোৰে দাবী কৰিছে যে আগন্তুক পোন্ধৰ দিনৰ ভিতৰত তেওঁক সুতসহ টিকটৰ মূল্য ওভতাই দিব লাগিব৷ লগতে এই সকীয়নিও দিছে যে নির্দিষ্ট সময়সীমাৰ ভিতৰত টকা ওভতাই নিদিলে ক্ষতিপূৰণ হিচাপে পঞ্চাশ লাখ টকা আদায় দিব লাগিব৷ ৰে’ল বিভাগৰ বিৰুদ্ধে গোচৰ তৰিব বুলিও ভাবুকি দিছে যুৱকজনে৷ বিভাগৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ তুলি যুৱকজনে দাবী কৰিছে যে ৰে’ল কর্তৃপক্ষৰ বাবে মহাকুম্ভত পুণ্য অর্জনৰ সুযোগ পোৱা সত্ত্বেও তেওঁলোকে যাব নোৱাৰিলে৷ ১৪৬ বছৰ পিছত অনুষ্ঠিত হোৱা এই পৱিত্র মেলাত উপস্থিত হোৱাৰ সুযোগ ৰে’ল বিভাগৰ গাফিলতিৰ বাবে হেৰুৱাবলগীয়া হোৱা বুলি অভিযোগ কৰিছে কিশোৰে৷ অৱশ্যে কিশোৰৰ এই পত্রক লৈ ৰে’ল বিভাগে কি প্রতিক্রিয়া প্রকাশ কৰিছে, সেয়া জানিব পৰা নাই৷

You might also like