নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ বিগত বর্ষকেইটাৰ লেখিয়া এইবেলিও সীমান্তত কর্মৰত জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ আজি পোহৰৰ উৎসৱ দীপাৱলী ৰাজস্থানৰ পাকিস্তান সীমান্তৱর্তী জয়ছেলমাৰত কর্মৰত সেনা জোৱানৰ সৈতে উদযাপন কৰিব প্রধানমন্ত্রী মোদীয়ে৷
এই দীপাৱলী উদযাপন ৰ সময়ত প্রধানমন্ত্রীগৰাকীক সংগ দিব চিডিএছ জেনেৰেল বিপিন ৰাৱাটে৷
মন কৰিবলগীয়া যে নিজৰ পৰিয়ালৰ পৰা আঁতৰি থাকি সীমান্তত কর্মৰত সেনা জোৱানসকলক সাহস আৰু অনুপ্রেৰণা যোগোৱাৰ উদ্দেশ্যে বিগত বর্ষকেইটাত প্রধানমন্ত্রীগৰাকীয়ে সেনাৰ সৈতে দীপাৱলী উদযাপন কৰি আহিছে৷
বিগত বর্ষত প্রধানমন্ত্রীয়ে জম্মু–কাশ্মীৰৰ ৰাজৌৰি জিলাৰ এল’চিত কর্মৰত জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিছিল মোদীয়ে৷ ২০১৮ চনত দক্ষিণ কাশ্মীৰৰ গুৰেজ ছেক্টৰ আৰু ২০১৫ চনত পঞ্জাবৰ সীমান্তত কর্মৰত সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিছিল৷
তাৎপর্যপূর্ণ যে ২০১৪ চনত প্রধানমন্ত্রী মোদীয়ে তেওঁৰ কার্যকালৰ প্রথম বর্ষটোত ছিয়াচেন হিমপ্রবাহত সেনাৰ সৈতে দীপাৱলী উদযাপন কৰিছিল৷