নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রৰ ওপৰত নির্মাণ হ’ব দ্বিতীয়খন ৰে’ল দলং–পথ

🔹 প্রধানমন্ত্রীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ফেব্রুৱাৰী : বিদ্যমান ৰে’লপথৰ ক্ষমতা বৃদ্ধি, সুগম ৰে’ল পৰিচালন, ভিৰ হ্রাস কৰা আৰু ভ্রমণ আৰু পৰিবহণ সুগম কৰাৰ বাবে গুৰুত্বপূর্ণ খণ্ডসমূহত ৰে’লপথৰ দ্বৈতকৰণ কৰাৰ কথা ৰে’ল মন্ত্রালয়ে বিবেচনা কৰিছে৷ ব্রহ্মপুত্রৰ ওপৰত দ্বিতীয়টো ৰে’লপথ সেতুসহ আগিয়াঠুৰী–কামাখ্যা আৰু লামডিং–ফৰকাটিং দ্বৈত ৰে’লপথ নির্মাণত কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে অনুমোদন জনাহছে৷ উল্লেখ্য যে বর্তমান কামাখ্যাৰ সমীপৰ শৰাইঘাটত ব্রহ্মপুত্র নদীৰ ওপৰত দুখন দলং আছে৷ এই দুখনৰ ভিতৰত বিদ্যমান ৰে’লপথসহ পথৰ ‘শৰাইঘাট দলংখন’ ১৯৬৪ চনত কমিছনিং কৰা হৈছিল৷ ইয়াত তলৰ ডেকত একক ৰে’লপথ আৰু ওপৰৰ ডেকত দুইলেনৰ পথৰ ব্যৱস্থা আছে৷ আজিৰ তাৰিখলৈকে নিউ বঙাহগাঁও–ৰঙিয়া–আগিয়াঠুৰী-কামাখ্যা খণ্ডত বেছিভাগ একক ৰে’লপথ চলি আছে৷ এই খণ্ডটোত দ্বৈত ৰে’লপথৰ কাম চলি আছে আৰু অতি সোনকালে কমিছনিং কৰা হ’ব৷ নিউ বঙাইগাঁও–ৰঙিয়া–আগিয়াঠুৰী খণ্ডটোৰ দ্বৈত ৰে’লপথৰ নির্মাণ সম্পূর্ণ হোৱাৰ পিছত ইয়াৰ পূর্ণ লাভালাভপ্রাপ্ত কৰাৰ বাবে বাকী অংশটো অর্থাৎ আগিয়াঠুৰী–কামাখ্যা দ্বৈত ৰে’লপথৰ নির্মাণকার্য সম্পূর্ণ কৰাটো অনিবার্য হৈ পৰিছে৷ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ৰ দ্বাৰা ৪% ব্যয়ৰ অংশীদাৰিত্বৰে শৰাইঘাটৰ দ্বিতীয় ৰে’লসহ পথ সেতুখনকে ধৰি আগিয়াঠুৰীৰ পৰা কামাখ্যালৈ দ্বৈত ৰে’লপথ ব্রডগজ ট্ৰেকৰ মুঠ আনুমানিক ব্যয় হৈছে ১৬৫০.৩৭ কোটি টকা৷ ওপৰৰ ডেকত ফুটপাথৰ সৈতে ৩ লেনৰ পথ আৰু তলৰ ডেকত দ্বৈত ৰে’লপথৰ ট্ৰেক থাকিব৷ সেতুখনৰ উত্তৰ প্রান্তৰ প্রৱেশে আগিয়াঠুৰী ষ্টেচনক ২.৬৯৪ কিলোমিটাৰ দৈর্ঘ্যৰ ট্ৰেকৰ সৈতে সংযোগ কৰিব আৰু দক্ষিণ প্রান্তই কামাখ্যা ষ্টেচনক ৩.০৭ কিলোমিটাৰ দৈর্ঘ্যৰ পথৰ সৈতে সংযোগ কৰিব৷ অদূৰ ভৱিষ্যতে এই অঞ্চললৈ আগমন হ’বলগীয়া উদ্যোগসমূহৰ বাবে ই উত্তৰ–পূর্বাঞ্চলৰ অন্তর্মুখী আৰু বহিঃগামী ৰে’ল পৰিবহণৰ অতিৰিক্ত বোজাৰ বাবে খণ্ডটোত অতিৰিক্ত লাইনৰ ক্ষমতা সৃষ্টি কৰিব৷ অতিৰিক্ত আন্তঃগাঁথনি সৃষ্টি কৰাৰ উপৰি ই কাষৰীয়া জিলাসমূহৰ দক্ষ আৰু অদক্ষ জনশক্তি উভয়ৰে বাবে বৃহৎ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব৷ ইফালে, প্রস্তাৱিত লামডিং–তিনিচুকীয়া– ৩৮১ কিলোমিটাৰ দৈর্ঘ্যৰ দ্বৈত ৰে’লপথ প্রকল্পৰ অংশ হিচাপে লামডিং–ফৰকাটিং (১৪০ কিঃমিঃ) খণ্ডটোৰ কাম অনুমোদিত হৈছে৷ এই প্রকল্পটোৰ প্রত্যাশিত ব্যয় হৈছে ২৩৩৩.৮৪ কোটি টকা৷ প্রকল্পটোত ১৮টা ষ্টেচন অন্তর্ভুক্ত আছে৷ এই খণ্ডটো দ্বৈতকৰণ কৰাৰ ফলত অসমৰ হোজাই, কার্বি আংলং, গোলাঘাট জিলা আৰু নাগালেণ্ডৰ ডিমাপুৰৰ স্থানীয় লোকসকল পোনপটীয়াকৈ লাভান্বিত হ’ব৷ উজনি অসম আৰু নাগালেণ্ডৰ জিলাসমূহলৈ ৰে’ল যোগাযোগ বৃদ্ধি হ’ব৷ বর্ধিত ৰে’ল পৰিবহণ ক্ষমতাই সকলো শ্রেণীৰ লোকক উপকৃত কৰিব, সম্পূর্ণ হোৱাৰ পিছত সামগ্রীৰ পৰিবহণ সুলভ হ’ব৷ কাষৰীয়া অঞ্চলসমূহৰ অর্থনৈতিক প্রেক্ষাপট যথেষ্ট উন্নত হ’ব আৰু ইন্ধনৰ সঞ্চয় আৰু ভ্রমণৰ সময় হ্রাস হোৱাৰ উপৰি পৰিবহণৰ ব্যয় হ্রাস হ’ব৷ এই দুটা মাল্টি ট্ৰেকিং প্রকল্পই অসমক ১৭৯ কিলোমিটাৰ ৰে’লপথ আৰু নাগালেণ্ডক ২১ কিলোমিটাৰ ৰে’লপথৰ সৈতে সংযোজিত কৰিব৷ আৰু চাৰিটা মাল্টি ট্ৰেকিং প্রকল্পও কেবিনেটে অনুমোদন জনায় আৰু এই ছয়টা প্রকল্পৰ সমন্বিত ব্যয় হ’ব ১২,৩৪৩ কোটি টকা৷

You might also like