নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বংগত অকলেই লোকসভাৰ যুঁজত টিএমচি

🔹 ‘ইণ্ডিয়া’ত বৃহৎ অঘটন ঘটাই মমতা বেনার্জীৰ বিস্ফোৰণ

বিশেষ বাৰ্তা, ২৫ জানুৱাৰী : বিজেপিক পৰাভূত কৰিবলৈ ঐক্যবদ্ধ হোৱা বিৰোধীৰ ‘ইণ্ডিয়া’ত বৃহৎ অঘটন৷ ২০২৪ৰ লোকসভা নির্বাচনত বিৰোধীয়ে ঐক্যবদ্ধভাৱে যুঁজি বিজেপি আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হেটট্ৰিকৰ স্বপ্ন প্রতিৰোধ কৰাৰ লক্ষ্যত ব্যাঘাত আহি পৰিছে৷ ‘ইণ্ডিয়া’ত বৃহৎ অঘটন ঘটাই পশ্চিমবংগত লোকসভা নির্বাচনত তৃণমূল কংগ্রেছৰ নেত্রী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে অকলে প্রতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰিছে৷ কংগ্রেছৰ সৈতে মতবিৰোধ ঘটি টিএমচিৰ নেত্রী বেনার্জীয়ে সমাগত লোকসভা নির্বাচনত পশ্চিমবংগত অকলে নির্বাচন খেলাৰ ঘোষণা কৰিছে৷ পশ্চিমবংগত মমতা বেনার্জীয়ে কংগ্রেছৰ সৈতে মতবিৰোধ ঘটি অকলে প্রতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰাৰ পিছত পঞ্জাবতো আম আদমী পার্টীয়ে একেই পদক্ষেপ লৈছে৷ পঞ্জাবত লোকসভা নির্বাচনত আপে অকলেই প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰাৰ পিছতেই ইণ্ডিয়াত অঘটন স্পষ্ট হৈছে৷ কংগ্রেছৰ সৈতে লোকসভাৰ আসন ভাগ–বাটোৱাৰাক লৈ পশ্চিমবংগত টিএমচি আৰু পঞ্জাবত আপৰ সংঘাতৰ সময়তে বিহাৰতো বিৰোধী ঐক্যমঞ্চ ইণ্ডিয়াত সংঘাতৰ বাতৰি চর্চিত হৈছে৷ পৰহি বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা সমাজবাদী নেতা প্রয়াত কর্পূৰী ঠাকুৰক মৰণোত্তৰভাৱে ভাৰতৰত্ন কেন্দ্রীয় চৰকাৰে আগবঢ়োৱাৰ পিছতেই বিহাৰৰ নীতিশ কুমাৰ নেতৃত্বাধীন সন্মিলিত চৰকাৰৰ পতনৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ বিহাৰৰ জনপ্রিয় নেতা প্রয়াত কর্পূৰী ঠাকুৰক কেন্দ্রীয় চৰকাৰে মৰণোত্তৰভাৱে বঁটা প্রদান কৰাৰ পিছতেই বিহাৰৰ মুখ্যমন্ত্রী তথা জে ডি ইউৰ সভাপতি নীতিশ কুমাৰে কেন্দ্রীয় চৰকাৰক মুকলিকৈ প্রশংসা কৰিছে৷ কেন্দ্রীয় চৰকাৰক প্রশংসা কৰি পৰিয়ালতান্ত্রিক ৰাজনীতিক কঠোৰ সমালোচনা কৰে নীতিশ কুমাৰে৷ ইয়াক লৈ নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰৰ মিত্রদল আৰজেডি ক্ষুব্ধ হৈ পৰিছে৷ আৰজেডিয়ে নীতিশ কুমাৰৰ এই পৰিয়ালতান্ত্রিক ৰাজনীতিক সমালোচনা আৰু ভাৰতৰত্নৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰক প্রশংসা কৰা বিষয়টোত অসন্তুষ্ট হৈছে৷ বিজেপিয়ে কংগ্রেছ আৰু আৰজেডিক পৰিয়ালতান্ত্রিক দল হিচাপে কঠোৰ সমালোচনা কৰি থকাৰ সময়তে নীতিশ কুমাৰৰ সমালোচনাই চৰকাৰৰ প্রতি আশংকা নমাই আনিছে৷ জেডিইউ, আৰজেডি আৰু কংগ্রেছ সন্মিলিত চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্রী নীতিশ কুমাৰৰ বক্তব্যই ইণ্ডিয়াত অঘটনৰ স্পষ্ট ইংগিত দিছে৷ বিজেপিৰ সৈতে সম্পর্ক ত্যাগ কৰি নীতিশ কুমাৰে আৰজেডি–কংগ্রেছৰ সৈতে চৰকাৰ গঠন কৰি ২০২৪ চনৰ লোকসভা নির্বাচনৰ বাবে বিৰোধী দলসমূহক ঐক্যবদ্ধ কৰাত গুৰুত্বপূর্ণ ভূমিকা লৈছিল৷ স্মর্তব্য যে নীতিশ কুমাৰৰ বাবেই ২৬ বিৰোধী দলে মিলিত হৈ বিৰোধী ঐক্যমঞ্চ ইণ্ডিয়া গঠন কৰে৷ কিন্তু লোকসভা নির্বাচনৰ প্রাক্মুহূর্তত আসন ভাগ–বাটোৱাৰাক লৈ ইণ্ডিয়াৰ মাজত সংঘাত তীব্রতৰ হৈছে৷ উল্লেখ্য যে পশ্চিমবংগত তৃণমূল কংগ্রেছে ৪২ লোকসভা সমষ্টিত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ লক্ষ্য লৈছে৷ ৰাজ্যখনত কংগ্রেছক দ্বিতীয় দল হিচাপে অংশ লোৱাৰ বাবে তৃণমূল কংগ্রেছে আহ্বান জনোৱাত কংগ্রেছে সেয়া স্বীকাৰ কৰিবলৈ সন্মত নোহোৱাৰ পৰিপ্রেক্ষিততেই দুয়োটা দলৰ মাজত সংঘাত বৃদ্ধি পাইছে৷ কংগ্রেছক বিভিন্ন প্রস্তাৱ মমতা বেনার্জীয়ে আগবঢ়োৱাৰ পিছতো সেই প্রস্তাৱ দলটোৱে প্রত্যাখ্যান কৰাক লৈ অসন্তুষ্ট বেনার্জীয়ে ৰাজ্যখনত অকলে প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে৷ পশ্চিমবংগত অকলেই টিএমচিয়ে পৰাজিত কৰিব বুলিও মমতা বেনার্জীয়ে ঘোষণা কৰিছে৷ ইপিনে, মমতা বেনার্জীয়ে পশ্চিমবংগত অকলে প্রতিদ্বন্দ্বিতা কৰাৰ বিষয়টোত প্রতিক্রিয়া ব্যক্ত কৰিছে কংগ্রেছে৷ কংগ্রেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে তৃণমূল কংগ্রেছ অবিহনে ইণ্ডিয়া সম্ভৱ নহয় বুলি উল্লেখ কৰি পশ্চিমবংগত বেনার্জীৰে আলোচনাৰ জৰিয়তে বিষয়টো সমাধান কৰিব পৰা যাব বুলি কয়৷ আনহাতে, পঞ্জাবত সকলোকেইটা লোকসভা সমষ্টিত আম আদমী পার্টীয়ে প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্রী ভগৱন্ত মানে৷ পঞ্জাবৰ ১৩টা লোকসভা সমষ্টিৰ কাৰণে আম আদমী পার্টীয়ে ৪০জন প্রার্থীৰ তালিকা প্রস্তুত কৰি সমষ্টিত জৰীপ চলাই চূড়ান্ত কৰা হ’ব বুলি কয় মুখ্যমন্ত্রী মানে৷ পশ্চিমবংগৰ মুখ্যমন্ত্রী বেনার্জীয়ে অকলে প্রতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰাৰ কেইঘণ্টামান পিছতেই পঞ্জাবত আপে ঘোষণা কৰি ইণ্ডিয়াত অঘটন ঘটাটো স্পষ্ট কৰি দিছে৷ পঞ্জাবত কংগ্রেছৰ সৈতে আসন ভাগ–বাটোৱাৰাক লৈ বুজাবুজি নকৰোঁ বুলি মুখ্যমন্ত্রী মানে ঘোষণা কৰাৰ পিছত কংগ্রেছে এই লৈও প্রতিক্রিয়া ব্যক্ত কৰিছে৷ পশ্চিমবংগৰ দৰেই পঞ্জাবতো আলোচনাৰ মাজেৰেই এই বিষয়টো সমাধানৰ আশা ব্যক্ত কৰিছে কংগ্রেছে৷ মন কৰিবলগীয়া যে উত্তৰ প্রদেশত সমাজবাদী পার্টীৰ সৈতে ইতিমধ্যে আসন ভাগ–বাটোৱাৰাক লৈ কংগ্রেছৰ মাজত সংঘাত চলি আছে৷ মহাৰাষ্ট্রতো শিৱসেনা উদ্ধৱ থাকৰে গোটৰ সৈতে কংগ্রেছৰ মতানৈক্য চলি আছে৷ ৫খন ৰাজ্যত কংগ্রেছৰ আসন ভাগ–বাটোৱাৰাক লৈ বিৰোধী ঐক্যমঞ্চৰ দলৰ মাজত চলা মতানৈক্যই  ‘ইণ্ডিয়া’ৰ ভৱিষ্যৎ অনিশ্চিত কৰি তুলিছে৷

You might also like