নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৈশ আহাৰ গ্রহণ কৰি থকাৰ সময়তে পত্নীয়ে কৰিছিল ছুৰিকাঘাত

🔹 কর্ণাটকত প্রাক্তন ডিজিপিৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

নিউজ ডেস্ক, ২২ এপ্রিল : কর্ণাটকৰ প্রাক্তন ডিজিপি ওম প্রকাশৰ নিজ বাসগৃহতে নৈশ আহাৰ গ্রহণ কৰি থকাৰ সময়ত হোৱা হত্যাকাণ্ডক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ৰহস্যজনক হত্যাকাণ্ড বুলি চর্চিত প্রাক্তন ডিজিপি ওম প্রকাশে বাসগৃহত আহাৰ গ্রহণ কৰি থকাৰ সময়তে পত্নীয়ে ছুৰীৰে আক্রমণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ স্বয়ং পত্নীয়েই স্বামী ওম প্রকাশক হত্যা কৰা বুলি ভিডিঅ’ কলযোগে বান্ধৱীক অৱগত কৰিছে৷ এনেদৰে কেইবাটাও হোৱাটছএপ মেছেজত দানৱক হত্যা কৰা বুলি স্বীকাৰ কৰিছে৷ এই হত্যাকাণ্ডক লৈ সম্প্রতি বেংগালুৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ তথ্য মতে, নৈশ আহাৰ গ্রহণ কৰি থকাৰ সময়তে কিবা কথাত তর্ক–বিতর্ক সৃষ্টি হোৱাৰ পাছত পত্নীয়ে ছুৰীৰে ওম প্রকাশক আঘাত কৰে৷ ফলত ওম প্রকাশৰ থিতাতে মৃত্যু ঘটে৷ ছুৰীৰে আক্রমণ কৰি হত্যা কৰাৰ পাছত ওম প্রকাশৰ পত্নীক দম্পতীৰ কন্যাই নিজৰ কোঠাত বন্ধ কৰি ৰাখে৷ আৰক্ষীক খবৰ দিয়াৰ পাছত হত্যাকাৰী পত্নীক আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি আটক কৰে৷ আৰক্ষীয়ে দুখন ছুৰী উদ্ধাৰ কৰিছে৷ প্রাৰম্ভিক তথ্য মতে, পত্নী আৰু কন্যাই মিলি ওম প্রকাশক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ সূত্রই প্রকাশ কৰা মতে, হত্যাকাৰী পত্নী পল্লৱী মানসিক ৰোগত আক্রান্ত৷

You might also like