🔹 পশুপ্রেমৰ অনন্য নিদর্শন গৰাকীৰ
নিউজ ডেস্ক, ৭ জানুৱাৰী : পঠা ছাগলীৰ জন্মদিন পালন! বেলুনেৰে সজোৱা হ’ল বাসগৃহ৷ উৎসৱৰ আয়োজন কৰি কটা হ’ল কেক৷ ইয়াৰ পিছত প্রায় ২০০ মানুহক ভোজভাতেৰে আপ্যায়ন কৰা হ’ল৷ পশ্চিমবংগৰ হুগলীৰ চুঁচুৰাৰ বুনোকালিতলাৰ বাসিন্দাসকলে এনেদৰে পঠা ছাগলীৰ জন্মদিনত ভূৰি–ভোজন কৰিলে৷ অঞ্চলটোৰ বাসিন্দা বাবলু ওৰাওৰ বাসগৃহত আহি উপস্থিত হৈছিল এটা পঠা ছাগলী৷ চুঁচুৰাৰ বালিপুকুৰৰ বাসিন্দা বাবলুৰ বাসগৃহত যোৱা বছৰ জানুৱাৰী মাহত এই ছাগলীটো আহি হাজিৰ হয়৷ তেতিয়াৰে পৰা বাবলুৱে অতি মৰমেৰে লালন-পালন কৰি আহিছে ছাগলীটোক৷ ইয়াৰ নাম দিয়া হৈছে ‘ৰাজা’৷ পুত্রস্নেহেৰে ৰাজাক আঁকোৱালি ৰাখিছে বাবলুৱে৷ শেহতীয়াকৈ বাবলুক বন্ধুসকলে ৰাজাৰ জন্মদিন আয়োজন কৰিবলৈ অনুৰোধ জনায়৷ বাবলুৱে পোহনীয়া এই ৰাজাৰ জন্মদিন ধুমধামেৰে পালন কৰে৷ যোৱা ২ জানুৱাৰীত ৰাজাৰ জন্মদিন উপলক্ষে ক্রয় কৰি অনা হয় কেক৷ সন্ধিয়া ৰাজাক জন্মদিনৰ শুভেচ্ছা জনাই কটা হয় কেক৷ অকল সেয়াই নহয়, ইয়াৰ পিছতে আমন্ত্রিত অতিথিসকলৰ বাবে আয়োজন কৰা হয় ভোজ৷ ৰাজাক পিন্ধোৱা হয় নতুন পোছাক৷ অতিথিসকলৰ বাবে আয়োজন কৰা ভোজভাতত বিভিন্ন ব্যঞ্জনৰ ব্যৱস্থা কৰে বাবলুৱে৷ অতিথিসকলক আপ্যায়ন কৰা হয় মুর্গীৰ মাংসৰে৷ কথাতে কোৱা হয়- ‘হাতত ধন থাকিলে ভূতৰ বাপেকৰো শ্রাদ্ধ পাতিব পাৰি৷’ কিন্তু এইক্ষেত্রত বিষয়টো সম্পূর্ণ ওলোটা৷ বাবলু আৰু তেওঁৰ বন্ধুসকল পেছাত দিন–মজদুৰ৷ কেৱল আনন্দত এনেধৰণৰ পৰিকল্পনা কৰে বাবলু আৰু বন্ধুসকলে৷ পোহনীয়া পশুৰ প্রতি থকা মৰম–স্নেহক এই জন্মদিন পালনৰ জৰিয়তে প্রকট কৰি তুলিছে বাবলু আৰু তেওঁৰ বন্ধুসকলে৷ লক্ষণীয় যে বহু পৰিয়ালত পোহনীয়া কুকুৰৰ জন্মদিন পালন কৰাটো নিয়ম৷ কিন্তু পঠা ছাগলীৰ জন্মদিন পালনৰ এয়া এক নজিৰবিহীন ঘটনা৷ আটাইতকৈ ডাঙৰ কথাটো হৈছে, বাবলুৰ ঘৰত উপস্থিত হোৱা ছাগলীটোৰ প্রকৃত জন্মদিন কোনেও নাজানে৷ কিন্তু ২ জানুৱাৰীত ছাগলীটোৱে বাবলুৰ ঘৰত উপস্থিত হোৱা বাবেই সেই দিনটোতে পালন কৰা হ’ল জন্মদিন৷