🔹 ১২০ কোটি টকাৰ দুর্নীতিৰ তথ্য ফাদিলেই কাল হ’ল নেকি মুকেশৰ
নিউজ ডেস্ক, ৫ জানুৱাৰী : ছত্তিশগড়ত এগৰাকী জনপ্রিয় সাংবাদিকৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ সাংবাদিক হিচাপে ৰাজ্যখনৰ বষ্টাৰ অঞ্চলত জনপ্রিয় আছিল মুকেশ চন্দ্রকৰ৷ ইফালে, ইউটিউব চেনেল ‘বষ্টাৰ জংচন’ৰ জৰিয়তে বিভিন্ন দুর্নীতিৰ সংবাদ পৰিৱেশন কৰিছিল মুকেশে৷ ১২০ কোটি টকাৰ দুর্নীতিৰ তথ্য ফাদিল কৰি দিয়া বাবেই সাংবাদিক মুকেশক হত্যা কৰা বুলি অভিযোগ উঠিছে৷ লক্ষণীয় যে ইয়াৰ পূর্বেও দুর্নীতিৰ সংবাদ পৰিৱেশন কৰি ছত্তিশগড়ত আলোড়নৰ সৃষ্টি কৰিছিল মুকেশে৷ বিভিন্ন সময়ত ভাবুকি অহা সত্ত্বেও মুকেশে ৰাজ্যখনত দুর্নীতিৰ তথ্য ফাদিল কৰি আহিছিল৷ উল্লেখ্য যে কালি সাংবাদিকগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে এগৰাকী ঠিকাদাৰৰ বাসগৃহৰ ছেপটিক টেংকত৷ এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷