নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী বিশ্ববিদ্যালয়ৰ শীর্ষস্থানপ্রাপ্তৰো নাই সংস্থাপন

🔹 ৫০ প্রমাণ–পত্র, ১০ পদকপ্রাপ্ত বিছমাক লৈ ছ’চিয়েল মিডিয়াত আলোড়ন

নিউজ ডেস্ক, ২২ এপ্রিল : দিল্লী বিশ্ববিদ্যালয়ৰ শীর্ষ স্থানপ্রাপ্ত (টপাৰ)ই সংস্থাপন লাভৰ পৰা বঞ্চিত হ’ব পাৰে নেকি? অবিশ্বাস্য যেন লাগিলেও ৫০ প্রমাণ–পত্র আৰু ১০টাকৈ পদক লাভ কৰাৰ পাছতো বিছমা ফৰিদ নামৰ ছাত্রীগৰাকীয়ে অনলাইনযোগে ইণ্টার্নশ্বিপ লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ অর্থাৎ ছাত্রীগৰাকীয়ে সংস্থাপনৰ পৰা বঞ্চিত হৈ আছে৷ দিল্লী বিশ্ববিদ্যালয়ৰ শীর্ষ স্থানপ্রাপ্তৰ সংস্থাপনৰ এই বাতৰিয়ে সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে৷ সামাজিক মাধ্যমত বিছমা ফৰিদে এই সন্দর্ভত প্রকাশ কৰা মতে, শৈক্ষিক কেৰিয়াৰত তেওঁ ৫০তকৈ অধিক প্রমাণ–পত্র লাভ কৰিবলৈ সক্ষম হৈছে, ১০টাকৈ পদক লাভ কৰিছে৷ কিন্তু সংস্থাপনৰ ক্ষেত্রত ইয়ে কোনো সুবিধা কৰিব নোৱাৰিলে৷ সামাজিক মাধ্যমত বিছমাই তেওঁৰ সংস্থাপন লাভ কৰাৰ ক্ষেত্রত সফল হ’ব নোৱাৰা বিষয়টো প্রচাৰ কৰাৰ পাছতে তেওঁক লৈ সামাজিক মাধ্যমতে ব্যাপক চর্চা চলিছে৷ একাংশই তেওঁৰ দক্ষতাক লৈ প্রশ্ণ তোলাৰ বিপৰীতে আন একাংশই তেওঁৰ সংগ্রামক প্রশংসা কৰি ভাগৰি নাযাবলৈ আহ্বান জনাইছে৷

You might also like