নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশাৰ খবৰ এই সপ্তাহতে আহি পাব ক’ৰোনাৰ ভেকচিন..

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ   ক’ৰোনা মহামাৰীৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু তাৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে যোৱা ১১ আগষ্টত ঘোষণা কৰিছিল যে দেশখনে ক’ৰোনাৰ ভেকচিন তৈয়াৰ কৰিছে । ইয়াৰ পিছতে বিশ্বৰ বিভিন্ন দেশৰ বিশেষজ্ঞসকলে ৰাছিয়াৰ ভেকচিনক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ মাজতে ৰাছিয়াই এই সপ্তাহতে ক’ৰোনা ভেকচিন সাধাৰণ লোকৰ বাবে উপলব্ধ হব বুলি ঘোষণা কৰিছে।

ৰাছিয়াৰ এক শীৰ্ষ অধিকাৰীয়ে কয় যে ক’ৰোনা ভেকচিন স্পুটনিক বি সাধাৰণ লোকৰ বাবে উপলব্ধ হ’ব। ৰাছিয়াৰ সংবাদ সংস্থা TASSৰ দাবী কৰে যে স্পুটনিক বি ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ৰ অনুমতিৰ পিছত সাধাৰণ লোকৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। অহা ১০ ৰ পৰা ১৩ ছেপ্টেম্বৰৰ ভিতৰত সাধাৰণ নাগৰিকক ভেকচিন বিক্ৰীৰ অনুমতি লাভ কৰিব।

উল্লেখ্য যে স্পুটনিক বি ৰাছিয়াৰ গামেলিয়া ৰিছাৰ্চ ইনষ্টিটিউট আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সহযোগত নিৰ্মাণ কৰা হৈছে। ৰাছিয়াই দাবী কৰিছে যে এই ভেকচিনৰ দ্বাৰা ১০০ শতাংশ এণ্টিবডী বিকশিত হয়।

You might also like