🔹 গ্রন্থ উন্মোচনী অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ মন্তব্য
নিউজ ডেস্ক, ২০ জুন : দেশত যিসকলে ইংৰাজীত কথা কয়, তেওঁলোক লজ্জিত হ’ব লাগিব! কালি এক গ্রন্থ উন্মোচনী অনুষ্ঠানত অংশগ্রহণ কৰি এই মন্তব্য কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ এই সন্দর্ভত নিজৰ মন্তব্যৰ ব্যাখ্যাও দিছে শ্বাহে৷ মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতৰ ভাষাতাত্ত্বিক ঐতিহ্য পুনৰ প্রতিষ্ঠা কৰাৰ সময় আহি পৰিছে৷ এইক্ষেত্রত এনে এখন সমাজ গঢ়ি উঠিব, য’ত কোনোবাই ইংৰাজীত কথা ক’লেও লজ্জিত হ’ব লাগিব৷ মাতৃভাষাৰ প্রচলন আৰু প্রসাৰৰ ওপৰত গুৰুত্ব দি এই মন্তব্য কৰে অমিত শ্বাহে৷ দেশৰ আঞ্চলিক ভাষাসমূহক ৰত্নবিশেষ বুলিও উল্লেখ কৰে শ্বাহে৷ দেশৰ নিজস্ব ভাষাক লৈ ভৱিষ্যতে এখন সমাজ গঢ়ি উঠিব বুলি মন্তব্য কৰে শ্বাহে৷ তেনে সমাজত ইংৰাজী ক’বলৈ মানুহে লজ্জাবোধ কৰিব বুলিও উল্লেখ কৰে অমিত শ্বাহে৷