নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যহস্তীক আক্রমণকাৰী তিনি যুৱকক গ্রেপ্তাৰ তিৰুপুৰত

নিয়মীয়া বাৰ্তা ৭ মেঃ তামিলনাডুৰ তিৰুমূর্তি বান অঞ্চলৰ সমীপৰ বনাঞ্চলত বনৰীয়া হাতীক শিলেৰে আক্রমণ আৰু হাৰাশাস্তি কৰাৰ বাবে তিনি যুৱকক গ্রেপ্তাৰ কৰিছে তিৰুপুৰ বন বিষয়াই৷ তথ্য মতে কালি পুৱা বনাঞ্চলত চলা–ফুৰা কৰি থকা বন্যহস্তীক কালিমুঠু (২৫), চেলৱাম (৩২) আৰু অৰুণ কুমাৰ (৩০) নামৰ তিনি যুৱকে বনাঞ্চলত প্রৱেশ কৰি বন্যহস্তীক শিলেৰে আক্রমণ কৰি হাৰাশাস্তি কৰাৰ বাবে বন বিভাগে গ্রেপ্তাৰ কৰিছে৷

সহকাৰী বন সংৰক্ষক গণেশ ৰামে প্রকাশ কৰা মতে, বন্যপ্রাণী সংৰক্ষণ আইনৰ ধাৰা ৩২, ৩৯ আৰু ৫১ৰ অধীনত যুৱক তিনিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্রেপ্তাৰ কৰিছে৷ মন কৰিবলগীয়া যে বনাঞ্চলৰ কাষতেই বসবাস কৰি থকা জনজাতীয় সম্প্রদায়ৰ একাংশ লোকে বিগত বছৰ বছৰ ধৰি বন্যপ্রাণীক আক্রমণ কৰি আহিছে৷ এই সন্দর্ভত বাসিন্দাসকলক বন বিভাগে সকীয়াই দি আহিছে যদিও একাংশ লোকে বন্যপ্রাণীৰ ওপৰত আক্রমণ চলাই আহিছে৷ কালি পুৱাও বন্যহস্তীৰ এটা দলে পোৱালিৰ সৈতে খাদ্যৰ সন্ধানত বনাঞ্চলত প্রৱেশ কৰাৰ সময়তে যুৱককেইজনে প্রথমে শিল দলিয়াই আক্রমণ কৰে৷ ইয়াৰ পিছত আনকি লাঠীও দলিয়াই বন্যহস্তীক নির্যাতন চলায়৷ এই ঘটনাৰ পিছতেই বন বিভাগে কঠোৰ পদক্ষেপ গ্রহণ কৰি যুৱককেইজনক গ্রেপ্তাৰ কৰে৷

সহকাৰী বন সংৰক্ষক কুমাৰে প্রকাশ কৰা মতে, প্রথমবাৰৰ বাবে উক্ত অঞ্চলত বন্যহস্তীক আক্রমণ কৰা লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ এই পদক্ষেপ এই কাৰণেই গ্রহণ কৰা হৈছে যাতে পৰৱর্তী সময়ত কোনো লোকে বন্যপ্রাণীৰ ওপৰত অনাহকত নির্যাতন নচলায়৷ প্রত্যক্ষভাৱে উক্ত অঞ্চলবাসীক সতর্কবাণীও দিয়ে বন বিভাগে৷ বন্যহস্তীক আক্রমণ কৰা এই ঘটনাটিয়ে ছ’ছিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে৷

You might also like