পুটিনৰ ফটোত হিটলাৰৰ গোঁফ…
বিশেষ বাৰ্তা, ১মাৰ্চঃ সাধাৰণতে সমসাময়িক ঘটনাপ্ৰবাহক লৈ বিশ্বৰ অন্যতম বিখ্যাত আলোচনী ‘টাইম’এ ক’ভাৰ ছবিখনেৰে নিজৰ স্থিতি প্ৰকাশ কৰে। আৰু তাৰে পৰাই গঠন হয় বৃহৎ জনমত এটা। ‘টাইম’ৰ বেটুপাতক লৈ সকলোৱে উংকণ্ঠাত থাকে। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সামৰিক অভিযান চলাৰ সময়ত ষ্টেটাছৰ পৰা আৰম্ভ কৰি ফটোলৈ, মতামতৰ পৰা আৰম্ভ কৰি বিশ্লষণলৈ ছ’চিয়েল মিডিয়া উপচি পৰিছে। তেনে সময়তে যোৱা কিছুদিনৰ পৰা ‘টাইম’ আলোচনীত প্ৰকাশ পোৱা বুলি ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ ফটো এখন ভাইৰেল হৈছে। পুটিনৰ ছবিত বুদ্ধি আৰু বিচক্ষণতাৰে এডোল্ফ হিটলাৰৰ গোঁফকোচা লগাই দিয়া হৈছে। নাম দিয়া হৈছে ‘পুটলাৰ’।
TIME’s new cover: How Putin shattered Europe’s dreams https://t.co/jXsRFKrW8B pic.twitter.com/hDJs0ptJs0
— TIME (@TIME) February 25, 2022
এয়া ‘টাইম’ৰ বেটুপাত বুলি বৰকৈ চৰ্চা হৈছে। কিন্তু দৰাচলতে সেয়া ‘টাইম’ৰ বেটুপাত নহয়। ‘টাইম’ৰ শেহতীয়া বেটুপাতত সেনাৰে সৈতে টেংক এখন আগুৱাই যোৱাহে দাঙি ধৰা হৈছে। তাত লিখা হৈছে- “The Return of History – How Putin Shattered Europe’s Dreams”। শেহতীয়াকৈ জানিব পৰা গৈছে যে ‘পুটলাৰ’ৰ নামেৰে সেই ভুৱা বেটুপাত তৈয়াৰ কৰিছিল এজন গ্ৰাফিক ডিজাইনাৰে। তেওঁৰ নাম পেট্ৰিক মালডাৰ।
My TIME artwork has gone viral – so I thought it would be appropriate for me to write a little about it. The image is one out of a sequence of three I created on the day Russia invaded Ukraine. I felt the official cover by TIME was uninspired and lacked conviction. pic.twitter.com/m5P5rorqgt
— Patrick Mulder ??????? (@MrPatrickMulder) February 28, 2022
তেওঁ স্পষ্টীকৰণ দি কৈছে যে আচলতে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণক লৈ চৰ্চা হ’বলৈয়ে তেওঁ কামটো কৰিছিল। ছবিখন ইমানে শক্তিশালী হৈ উঠিছিল যে চৌদিশে আলোড়ণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।