🔹 উত্তৰ প্রদেশত পুনৰ ৰে’ল দুর্ঘটনা : আতংকিত যাত্রী
বিশেষ বাৰ্তা, ২৫ আগষ্ট : দেশজুৰি এটাৰ পাছত এটাকৈ সংঘটিত দুর্ঘটনাৰ ফলত ৰে’ল যাত্রাক লৈ যাত্রীসকলৰ মাজত সৃষ্টি হৈছে আতংক৷ তৎসত্ত্বেও কর্তৃপক্ষই ৰে’ল দুর্ঘটনাত প্রতিৰোধ লগাব পৰা নাই৷ পুনৰ দুর্ঘটনাৰ ফলত প্রশ্ণৰ সন্মুখীন হৈছে ৰে’ল বিভাগ৷ উত্তৰ প্রদেশৰ বিজনৌৰত খুলি গ’ল ধানবাদগামী কিষাণ এক্সপ্রেছৰ ১০টা দবা৷ অৱশ্যে এই দুর্ঘটনাৰ ফলত হতাহতৰ কোনো খবৰ এতিয়াও সংবাদ মাধ্যমে লাভ কৰা নাই৷ আজি পুৱা ৪ বজাত উত্তৰ প্রদেশৰ পৰা যাত্রা আৰম্ভ কৰিছিল এই ৰে’লখনে৷ ছেহৌৰা ষ্টেচনৰ সমীপত তীব্র জোকাৰণিৰ পাছত খুলি যায় এক্সপ্রেছ ৰে’লখনৰ ১০টা দবা৷ এই ঘটনাক লৈ তীব্র আতংকৰ সৃষ্টি হয় যাত্রীসকলৰ মাজত৷ প্রাথমিক প্রতিবেদনত প্রকাশ পাইছে যে যান্ত্রিক বিজুতিৰ বাবেই ৰে’লখনৰ ১০টা দবা এনেদৰে খুলি গৈছিল৷ কিছু সময়ৰ পাছত ইঞ্জিনৰ সৈতে এই দবাবোৰ পুনৰ সংলগ্ণ কৰা হয়৷ ইয়াৰ পাছতে গন্তব্য স্থানলৈ যাত্রা কৰে ৰে’লখনে৷ ৰে’ল বিভাগৰ তৰফৰ পৰা দাবী কৰা অনুসৰি সকলো যাত্রী নিৰাপদে আছে৷ ৰে’ল বিভাগৰ শীর্ষ বিষয়াসকলৰ তৰফৰ পৰা জনোৱা হৈছে যে দুটা শ্লীপাৰ কোচৰ কাপলিং পৃথক হৈ পৰাৰ ফলত এই ঘটনা সংঘটিত হৈছে৷ বিশেষজ্ঞসকলে ইয়াৰ ফলত ভয়াৱহ দুর্ঘটনা সংঘটিত হ’লহেঁতেন বুলি আশংকা কৰিছে৷ উল্লেখনীয় যে উত্তৰ প্রদেশৰ আৰক্ষী নিয়োগ পৰীক্ষাত বহিবলগীয়া ২০০ৰো অধিক প্রার্থী আছিল ৰে’লখনত৷ প্রার্থীসকলক পৰীক্ষা কেন্দ্রত নির্দিষ্ট সময়ত উপস্থিত কৰাই দিবলৈ স্থানীয় আৰক্ষী আৰু ৰে’ল বিভাগে তিনিখন বাছ ভাৰা কৰিবলগীয়া হয়৷ স্মর্তব্য যে এসপ্তাহ পূর্বে উত্তৰ প্রদেশতে সৱৰমতী এক্সপ্রেছৰ ২২টা দবা ইঞ্জিনৰ পৰা পৃথক হৈ পৰিছিল৷