নির্বাচনী নিৰাপত্তা বিষয়াক অপসাৰণ ট্রাম্পৰ
নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত ভোটগ্রহণৰ সময়ত প্রৱঞ্চনাৰ আশ্রয় লোৱা বুলি ডেম’ক্রেটিক শিবিৰৰ বিৰুদ্ধে অভিযোগ কৰি থকা কার্যৰ বিৰোধ কৰা বাবেই ড’নাল্ড ট্রাম্পে শীর্ষ নির্বাচনী বিষয়া এগৰাকীক অপসাৰণ কৰিছে৷ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে উল্লেখ কৰা অনুসৰি চাইবাৰ ছিকিউৰিটী আৰু ইনফ্রাষ্ট্রাকচাৰ ছিকিউৰিটী এজেঞ্চী (চিআইএছএ)ৰ মুৰব্বী ক্রিছ ক্রেবছে ভোটগ্রহণৰ সময়ত সংঘটিত প্রৱঞ্চনা তথা অনিয়মক অস্বীকাৰ কৰিছে৷
গতিকে বিষয়াগৰাকীক গুৰুত্বপূর্ণ চি আই এছ এ পদৰ পৰা অপসাৰণ কৰা হৈছে৷ স্মর্তব্য যে ৰাষ্ট্রপতি নির্বাচনত ডেম’ক্রেটিক প্রার্থী জ’ বাইডেনৰ হাতত পৰাভূত হোৱাৰ পিছতো পৰাজয় স্বীকাৰ কৰিবলৈ সন্মত হোৱা নাই ট্রাম্প৷ আনকি নির্বাচনত ভুৱা ভোটাৰৰ অংশগ্রহণৰ জৰিয়তে ডেম’ক্রেটিক শিবিৰে বিজয় সাব্যস্ত কৰা বুলি ঘোষণা কৰি আহিছে ট্রাম্পে৷
লক্ষণীয়ভাৱে ট্রাম্পৰ এই স্থিতিক লৈ এতিয়া সমগ্র আমেৰিকাজুৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ মার্কিন গণতন্ত্রক পদাঘাত কৰা বুলি দেশখনৰ কেইবাগৰাকীও বর্ষীয়ান ৰাজনীতিকে ট্রাম্পক কঠোৰ সমালোচনাও কৰিছে৷ স্মর্তব্য যে দেশখনৰ নির্বাচনী বিষয়াসকলে আমেৰিকাৰ ইতিহাসত সদায় ভোটগ্রহণ প্রক্রিয়া নিৰাপদ বুলি ঘোষণা কৰি আহিছে৷
চলিত বর্ষৰ ৰাষ্ট্রপতি নির্বাচনতো তীব্র নিৰাপত্তা বেষ্টনীত ভোটগ্রহণ সম্পন্ন হোৱা বুলি নির্বাচনী বিষয়াসকলে দাবী কৰি আহিছে৷ গতিকে এই কার্যত ক্ষুব্ধ হৈছে ট্রাম্প৷ লক্ষণীয়ভাৱে ইয়াৰ পূর্বে প্রতিৰক্ষা সচিব মার্ক এছপাৰকো একেই অভিযোগত অপসাৰণ কৰিছিল ট্রাম্পে৷