নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনলৈ প্রেৰণ কৰা ভাৰতীয় মাছত ক’ভিড

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ ভাৰতৰ পৰা চীনলৈ ৰপ্তানি কৰা তিনি বিধ সামুদ্রিক মাছৰ পেকেজত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে বেইজিং প্রশাসনে এই ক্ষেত্রত কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে৷ ভাৰতৰ পৰা দক্ষিণ চীনলৈ ৰপ্তানি হোৱা এই সামুদ্রিক মাছত ধৰা পৰিছে ক’ভিড–১৯ৰ উপস্থিতি৷

কালি চীনৰ শুল্ক বিভাগে এই তথ্য সদৰী কৰিছে৷ লক্ষণীয়ভাৱে ভাৰতৰ এটা কোম্পানীৰ পৰা চীনলৈ ৰপ্তানি কৰা সামুদ্রিক মাছ ইতিমধ্যে নিষিদ্ধ কৰা হৈছে দেশখনত৷ অৱশ্যে এতিয়ালৈকে এই সামুদ্রিক মাছৰ পৰা চীনত কোনো লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ তথ্য সদৰী কৰা নাই দেশখনে৷

কিন্তু চলিত মাহৰ আৰম্ভণিতে জার্মানীৰ এটা কোম্পানীয়ে দেশখনলৈ ৰপ্তানি কৰা গাহৰিৰ মাংসৰ পেকেজত ধৰা পৰিছিল ক’ভিড–১৯ৰ উপস্থিতি৷ বেইজিঙৰ সমীপৰ টিয়ানজিন চহৰত এই গাহৰিৰ মাংসৰ দ্বাৰা ক’ভিডত সংক্রমিত হৈছিল এজন লোক৷

You might also like