নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবাদী কৃষক–নিৰাপত্তাৰক্ষীৰ সংঘর্ষ : ২ আৰক্ষী নিহত, ৩০ৰো অধিক আহত

🔹 হাৰিয়ানা সীমান্তত হার্টএটেকত পুনৰ এজন প্রতিবাদী কৃষকৰ মৃত্যু

বিশেষ বাৰ্তা, ২৩ ফেব্রুৱাৰী : শস্যৰ ন্যূনতম সমর্থন মূল্য চমুকৈ এমএছপিৰ আইনৰ দাবীত প্রতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলে দুদিনৰ বাবে দিল্লী চলো কার্যসূচী স্থগিত কৰাৰ সময়তে হাৰিয়ানাৰ সীমান্তৰ আম্বালাত প্রতিবাদী কৃষক আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘর্ষ হৈছে৷ প্রতিবাদী কৃষকৰ সৈতে হোৱা সংঘর্ষত দুজন আৰক্ষী জোৱান নিহত হোৱাৰ বিপৰীতে ৩০তকৈ অধিক আহত হৈছে৷ আজি হাৰিয়ানাৰ বিজেপিশাসিত চৰকাৰখনে এই কথা ঘোষণা কৰিছে৷ আৰক্ষীৰ মতে, ৰাজধানী দিল্লীত বলপূর্বকভাৱে প্রতিবাদী কৃষকে প্রৱেশ কৰিবলৈ চেষ্টা চলাওঁতেই এই সংঘর্ষ হয়৷ প্রতিবাদী কৃষকে সম্ভু সীমান্তত বেৰিকেড ভঙাৰ লগতে চৰকাৰী-বেচৰকাৰী সম্পত্তি ধ্বংস আৰু আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷ প্রতিবাদকাৰী কৃষকে আৰক্ষীৰ সৈতে সংঘর্ষত লিপ্ত হোৱাৰ অভিযোগত কৃষক সংগঠনৰ নেতাৰ ওপৰত ৰাষ্ট্রীয় নিৰাপত্তা আইন চমুকৈ এনএছএ প্রয়োগ কৰি এই নেতাসকলৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে হাৰিয়ানা আৰক্ষীয়ে৷ অৱশ্যে পাছলৈ গোচৰ ৰুজু কৰি কৃষক নেতাৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ পূর্বে কেন্দ্রীয় চৰকাৰৰ নির্দেশমর্মে হাৰিয়ানাৰ আৰক্ষী পিছহোঁহকি আহিবলগীয়া হৈছে৷ অর্থাৎ কৃষক নেতাৰ বিৰুদ্ধে এনএছএ বলৱৎ কৰা নহ’ব বুলি হাৰিয়ানাৰ আৰক্ষীয়ে প্রকাশ কৰিছে৷ যোৱা ১৩ ফেব্রুৱাৰীত কৃষক সংগঠনসমূহে দিল্লী চলো কার্যসূচী গ্রহণ কৰাৰ পাছৰে পৰা পঞ্জাব–হাৰিয়ানা সীমান্ত, দিল্লীৰ সীমান্তত উত্তপ্ত পৰিস্থিতি এতিয়াও চলি আছে৷ নিৰাপত্তা বাহিনীয়ে সীমান্তৰ পথত কংক্রিটৰ বেৰিকেড স্থাপন কৰাৰ লগতে প্রতিবাদী কৃষকক বাধা দিবলৈ বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছে৷ নিৰাপত্তা বাহিনীৰ সকলো পদক্ষেপক ব্যর্থ কৰি প্রতিবাদী কৃষকে দিল্লীত প্রৱেশৰ চেষ্টা চলায় যদিও আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ, পানীহিলৈ নিক্ষেপৰ বাবে এয়া ফলৱতী হোৱা নাই৷ আনপিনে, কেন্দ্রীয় চৰকাৰে প্রতিবাদী কৃষক সংগঠনৰ প্রতিনিধিৰ সৈতে চাৰি লানি বৈঠকত মিলিত হৈও কোনোধৰণৰ মীমাংসা উলিয়াবলৈ সক্ষম হোৱা নাই৷ পঞ্চমলানি আলোচনাৰ বাবে কৃষক সংগঠনৰ প্রতিনিধিসকলক কেন্দ্রীয় চৰকাৰে আমন্ত্রণ জনোৱাৰ পাছতেই দুদিনীয়াকৈ দিল্লী চলো কার্যসূচী স্থগিত ৰখা হৈছে৷ প্রতিবাদী কৃষকৰ ওপৰত আৰক্ষীৰ নির্যাতনৰ বিৰুদ্ধাচৰণ, আৰক্ষীৰ নির্যাতনত প্রাণ হেৰুওৱা শুভকৰণ সিঙৰ মৃত্যুৰ ন্যায় বিচাৰি আজি কৃষক সংগঠনসমূহে ক’লা দিৱস পালন কৰে৷ সংযুক্ত কিষাণ মর্চাই ক’লা দিৱস উদযাপন কার্যসূচীৰ নেতৃত্ব বহন কৰিছে ৷ ইপিনে, কৃষক নেতা ৰাকেশ টিকাইটে অহা ২৬ ফেব্রুৱাৰীত ৰাষ্ট্রীয় ঘাইপথত ট্রেক্টৰ সমদল উলিয়াই প্রতিবাদ সাব্যস্ত কৰিব বুলি আন্দোলনৰ কার্যসূচী ঘোষণা কৰিছে৷ আনপিনে, হাৰিয়ানাৰ সীমান্তত আজি আন এজন প্রতিবাদী কৃষকৰ হার্ট এটেক হৈ মৃত্যু ঘটিছে৷ এই লৈ প্রতিবাদী কৃষকৰ মাজত চৰকাৰৰ বিৰুদ্ধে প্রচণ্ড ক্ষোভৰ উদগীৰণ ঘটিছে৷ মন কৰিবলগীয়া যে হাৰিয়ানাৰ সীমান্তত আৰক্ষীৰ নির্যাতনত মৃত্যু ঘটা শুভকৰণ সিং সন্দর্ভত আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব বুলি প্রতিবাদী কৃষক সংগঠনে প্রকাশ কৰিছে৷

You might also like