নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ ৪২৮২-দুলীয়াজান সমষ্টিৰ ৩৭৫৭টা পৰিয়াললৈ ভূমি পট্টা

🔹 মিছন বসুন্ধৰা ২.০ৰ অধীনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভূমি পট্টা বিতৰণ

বিশেষ বাৰ্তা, ২৩ ফেব্ৰুৱাৰী : খিলঞ্জীয়া লোকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ লক্ষ্যৰে আৰম্ভ হোৱা মিছন বসুন্ধৰা ২.০ অভিযানৰ অংশ হিচাপে আজি অসম চৰকাৰৰ জনস্বাস্থ্য-কাৰিকৰী, দক্ষতা বিকাশ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দুলীয়াজান বিধানসভা সমষ্টিৰ মুঠ ৩,৭৫৭গৰাকী আৰু নাহৰকটীয়া বিধানসভা সমষ্টিত ৪,২৮২গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ভূমি পট্টা বিতৰণ কৰে। অনুষ্ঠানটোত উপস্থিত ৰাইজক সম্বোধন কৰি মন্ত্ৰী বৰুৱাই কয়- মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্ৰহণ কৰা আৰু খিলঞ্জীয়া লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা এই পদক্ষেপে ভূমিজনিত সমস্যাসমূহৰ সমাধান আৰু সামাজিক সমতা সৃষ্টি কৰাৰ লগতে অসমৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিব।

মন্ত্ৰী বৰুৱাই লগতে কয় যে মিছন বসুন্ধৰা ১.০ আৰু ২.০ৰ সফলতাৰ পিছত ভূমি সংক্ৰান্তীয় সমস্যা সমাধান আৰু উন্নয়নমূলক কাম-কাজৰ বাবে প্ৰয়োজনীয় ৰাজহ বৃদ্ধিৰ উদ্দেশ্যে মিছন বসুন্ধৰা ৩.০ৰ অধীনত আমাৰ চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ সেৱা আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে। এক ডিজিটেলাইজ মাধ্যমেৰে সকলোৰে উমৈহতীয়া প্ৰচেষ্টা আৰু অংশীদাৰিত্বই মিছন বসুন্ধৰা ৩.০ক সফলতাৰ চৰম শিখৰলৈ লৈ যাব বুলি দৃঢ় বিশ্বাস থকা বুলিও মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে। নাহৰকটীয়াৰ নগাঁও হাজোৱা পথাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ভূমিৰ পট্টা বিতৰণ কাৰ্যসূচীত ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ প্ৰমুখ্যে স্থানীয় বিশিষ্ট ব্যক্তি তথা ৰাইজ উপস্থিত থাকে। একেদৰে দুলীয়াজানৰ বিহুতলী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ভূমি পট্টা বিতৰণ কাৰ্যসূচীত দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰচ গোৱালা প্ৰমুখ্যে স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

You might also like