🔹 অকল্পনীয় ! উত্তৰ প্রদেশৰ ঘটনাক লৈ ব্যাপক চর্চা
নিউজ ডেস্ক, ২৭ জানুৱাৰী : সুৰামত্ত স্বামীৰ অত্যাচাৰৰ পোটক তুলিবলৈ দুই মহিলাই অভিনৱ পন্থা গ্রহণ কৰিলে৷ দুয়োৰে স্বামীয়ে সুৰাপান কৰি সদায় শাৰীৰিক আতিশয্য চলাইছিল৷ দুয়োগৰাকী মহিলাৰ মাজত চিনাকি ইনষ্টাগ্রামৰ জৰিয়তে৷ স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ মহিলা দুগৰাকীয়ে বৈবাহিক জীৱনৰ ইতি টনাৰ সিদ্ধান্ত লয়৷ নিজৰ দুখ পাহৰিবলৈ মহিলা দুগৰাকী এইবাৰ বিবাহপাশত আবদ্ধ হ’ল৷ উত্তৰ প্রদেশৰ কবিতা আৰু গুঞ্জাই এনেদৰে সুৰামত্ত স্বামীৰ সৈতে সম্পর্ক ছেদ কৰি বিবাহপাশত আবদ্ধ হোৱা ঘটনাক লৈ দেশজুৰি চর্চা চলিছে৷ উত্তৰ প্রদেশৰ গোড়খপুৰৰ ঘটনা এয়া৷ বৃহস্পতিবাৰে দেওৰিয়াৰ ক্ষুদ্র কাশী নামে পৰিচিত বিখ্যাত শিৱ মন্দিৰত দুয়োগৰাকী বোৱাৰী বিবাহপাশত আবদ্ধ হৈছে৷ সেন্দূৰ পিন্ধাই পৰস্পৰে পৰস্পৰক মালা পিন্ধাই দি এনেদৰে বিবাহপাশত আবদ্ধ হোৱাৰ লগে লগে বিষয়টোক লৈ সমগ্র গোড়খপুৰত চর্চা হয়৷ এনেদৰে অত্যাচাৰীক স্বামীক দুয়ো ত্যাগ কৰি বিবাহপাশত আবদ্ধ হোৱাৰ পিছত দুয়োৰে মুখমণ্ডলত দেখিবলৈ পোৱা যায় প্রশান্তি৷ কবিতা আৰু গুঞ্জাই বিবাহপাশত আবদ্ধ হৈয়েই সংবাদ মাধ্যমৰ সন্মুখীন হৈ জনাইছে যে দীর্ঘদিন ধৰি দুয়ো গার্হস্থ্য হিংসাৰ বলি হৈ আছিল৷ প্রতিদিনে দুয়োগৰাকীক তেওঁলোকৰ স্বামীয়ে শাৰীৰিক আতিশয্য চলাইছিল৷ ৬ বছৰ পূর্বে ইনষ্টাগ্রামত পৰিচয় ঘটিছিল কবিতা আৰু গুঞ্জাৰ৷ লাহে লাহে তেওঁলোকৰ মাজত ঘনিষ্ঠ সম্পর্ক গঢ়ি উঠে৷ প্রতিদিনে দুয়ো নিজৰ ওপৰত হোৱা আতিশয্যৰ কথা আলোচনা কৰিছিল৷ ইয়াৰ পিছতে দুয়ো স্বামীৰ ঘৰ ত্যাগ কৰি একেলগে থকাৰ সিদ্ধান্ত লয় আৰু এই সিদ্ধান্তৰ বাবে বিবাহপাশত আবদ্ধ হয় দুয়ো৷