🔹 হাস্পতালত চিকিৎসকৰ আজব কাণ্ড
নিউজ ডেস্ক, ১ ডিচেম্বৰ : মধ্যপ্রদেশৰ ভিন্দ জিলা হাস্পতালত চিটীস্কেনত দুবছৰ পূর্বে কর্কটৰ অস্ত্রোপচাৰ কৰা এগৰাকী মহিলাৰ দেহত চিকিৎসকে ব্যৱহাৰ কৰা কেঁচী ওলোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ তথ্য মতে, দুবছৰ পূর্বে গোৱালিয়ৰৰ চৰকাৰী হাস্পতালখনত মহিলা এগৰাকীয়ে কর্কটৰ বাবে পাকস্থলীৰ অস্ত্রোপচাৰ কৰিছিল৷ চিকিৎসকে অস্ত্রোপচাৰ কৰাৰ পিছত পেটৰ ভিতৰতে এৰা কেঁচীখন দুবছৰৰ মূৰকত পাকস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে৷ চিকিৎসকৰ গাফিলতিৰ বাবে পেটৰ ভিতৰত সোমাই থকা কেঁচীখনৰ বাবে মহিলাগৰাকীয়ে মাজে–সময়ে প্রচণ্ড বিষৰ সন্মুখীন হৈছিল৷ শেহতীয়াভাৱে মহিলাগৰাকীয়ে ভিন্দ জিলা হাস্পতালত চিটীস্কেন কৰাত চিকিৎসকে পেটৰ ভিতৰত কেঁচী উদ্ধাৰ কৰে৷ চিটীস্কেনৰ ইনচার্জ সতীশ শর্মাই এই ঘটনা পোহৰলৈ আনে৷ ৰোগীগৰাকীৰ নাম হৈছে কমলা৷ এই ঘটনাৰ পিছত চিকিৎসাৰ নামত চিকিৎসকৰ গাফিলতিয়ে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷