অৱশেষত নতশিৰ ইউক্ৰেইন, ৮২ দিন পাছত মাৰিউপ’লত পৰাজয় স্বীকাৰ, যুদ্ধ অভিযান বন্ধ
বিশেষ বাৰ্তা, ১৭ মেঃ ৮২ দিন ধৰি ৰাছিয়াৰ ভয়াৱহ বোমা বিস্ফোৰণৰ পাছত অৱশেষত হাৰ মানিলে ইউক্ৰেইনে। ইউক্ৰেইনে মাৰিউপ’লত যুদ্ধ অভিযান বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। একে সময়তে ইউক্ৰেইনে চহৰখনৰ বাহিৰত নিৰ্মাণ কৰা তীখা কাৰখানাটোৰ পৰা নিজৰ সৈন্যসকলক খালী কৰা আৰম্ভ কৰিছে, যিয়ে বিগত কেইবাদিন ধৰি ৰাছিয়াৰ সেনাক প্ৰত্যাহ্বান জনাই আহিছে। প্ৰথমতে ২৬০ জন জোৱানক উলিয়াই নিয়া হৈছে যিসকল গুৰুতৰভাৱে আহত হৈ আছে যদিও ৰাছিয়াৰ আক্ৰমণৰ বাবে তেওঁলোকক উলিয়াই নিব পৰা হোৱা নাছিল। কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বন্দৰ চহৰ মাৰিউপ’ল এতিয়া সম্পূৰ্ণৰূপে ৰাছিয়াৰ সেনাৰ নিয়ন্ত্ৰণত। এয়াই ইউক্ৰেইনৰ যুদ্ধত পুটিনৰ সৰ্ববৃহৎ জয়ৰ সূচনা কৰিছে। ইউক্ৰেইনৰ সেনাবাহিনীৰ জেনেৰেল ষ্টাফে এক বিবৃতিত কয় যে মাৰিউপ’ল ৰক্ষাৰ বাবে নিয়োজিত সেনাই নিজৰ যুদ্ধ অভিযান বন্ধ কৰিছে।