নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্থেবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ আই ২০ বাহনে মহতিয়ালে পাঁচ খনকৈ বাইক; নিহত ৩

নিয়মিয়াবাৰ্তা, ১৭ মে: সৰ্থেবাৰীৰ নামশালাত সংঘটিত হল ভয়ঙ্কৰ পথ দুৰ্ঘটনা।তীব্ৰ বেগী আই ২০ বাহনে মহতিয়ালে পাঁচ খনকৈ বাইক আৰু চাৰিজন পথচাৰীক।কালি নিশা নলবাৰী সৰ্থেবাৰী পথৰ নামশালাত সংঘটিত হল এই ভয়ংকৰ দুৰ্ঘটনা। সথিতাতে নিহত হ’ল দুগৰাকী লোক।আৰু চিকিৎসালয়ত নিহত হল আন এগৰাকী লোক। দুৰ্ঘটনা সংঘটিত কৰা বনিয়াকুছিৰ আই২০ বাহন খনৰ নম্বৰ হল এ এছ ০১ এপি ৮৩৯৪।

নলবাৰীৰ দিশৰ পৰা আহি থকা আই 20 বাহনখনে সংঘটিত কৰিলে এই ভয়ঙ্কৰ দুৰ্ঘটনা।এই দুৰ্ঘটনাৰ বাতৰি লিখা পৰলৈকে নিহত হল তিনি গৰাকী লোক। নিহত লোককেইজন নামশালাৰ প্ৰণব ভূঞা, চিত্ত ভূঞা আৰু কাৰাকুছিৰ বিশিষ্ট ব্যৱসায়ী হৰগোবিন্দ ডেকা। হৰগোবিন্দ ডেকাক নলবাৰীলৈ চিকিৎসাৰ বাবে নিয়াৰ পথত মৃত্যু হয়। নিজৰ দোকান বন্ধ কৰি স্কুটিৰে ঘৰলৈ গৈ থকা পথত হৰগোবিন্দ ডেকাক মহতিয়াই নিলে আই 20 বাহনখনে। আহত কেইগৰাকীমান হল হৰেকৃষ্ণ ভূঞা,সুৰজিত ডেকা,হৰবল্লভভূঞা,মনজিত ভূঞা। ‘এক্সিডেন্ট জন’ হিচাপে চিহ্নিত নামশালাত ৰহস্যজনক ভাবে মহতিয়ালে পাঁচখনকৈ বাইক। কেইবাজনো লোক গুৰুতৰ ভাবে আহত। এই দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত গীতুমণি ভূঞাক সংকটজনক অৱস্থাত নলবাৰীলৈ প্ৰেৰণ কৰা হৈছে। আন কেইবাজনকো নলবাৰী আৰু গুৱাহাটীৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। প্ৰকৃততে কিমানজন লোক আহত হ’ল সঠিক হিচাপ পোৱা হোৱা নাই।

You might also like