নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেলেনস্কিৰ ঘোষণাঃ এইবাৰ ইউক্ৰেইনলৈ আহিবলৈ ৰাছিয়াৰ নাগৰিকক প্ৰয়োজন হ’ব ভিছা

নিয়মীয়া বাৰ্তা, ১৯জুনঃ যোৱা ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ প্ৰায় চাৰি মাহ হ’ল। মনকৰিবলগীয়া যে দুয়োখন চুবুৰীয়া দেশৰ মাজৰ সম্পৰ্ক সৰ্বকালৰ নিম্নতম স্তৰত আছে। কিন্তু পৰিস্থিতিত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ঘোষণা কৰে যে এতিয়াৰ পৰা ইউক্ৰেইনলৈ যাব বিচৰা ৰাছিয়াৰ নাগৰিকসকলক ভিছা প্ৰদান কৰা হ’ব। ১ জুলাইৰ পৰা কোনো ৰাছিয়াৰ নাগৰিকে ভিছা অবিহনে দেশত প্ৰৱেশ কৰিব নোৱাৰিব। এই সন্দৰ্ভত শীঘ্ৰেই নিয়ম প্ৰৱৰ্তন কৰা হ’ব।

 জেলেনস্কিয়ে কয় যে কেবিনেটে এই নিয়ম গৃহীত হোৱাৰ লগে লগে প্ৰযোজ্য হ’ব। দেশৰ সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু আঞ্চলিক ঐক্য সুৰক্ষিত কৰাৰ বাবে পৰিকল্পনা কৰা বুলিও তেওঁ কয়। কাৰণ যুদ্ধ আৰম্ভ হোৱাৰ পৰাই দুয়োখন দেশৰ সীমা আনুষ্ঠানিকভাৱে বন্ধ হৈ আছে। ফলত ভিছা প্ৰৱৰ্তন হ’লেও বৰ্তমান পৰিস্থিতিৰ বিশেষ পৰিৱৰ্তন নহ’ব।

You might also like