নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত প্ৰহসন স্বচ্ছ ভাৰত আঁচনি

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ ধুবুৰী পৌৰসভা এলেকাত স্বচ্ছ ভাৰত আঁচনিখন বাস্তৱত এক প্ৰহসনত পৰিণত হোৱাৰ অভিযোগ উঠিছে। চহৰখনৰ বিভিন্ন অঞ্চলৰ পথৰ দাঁতি জাবৰ–জোঁথৰেৰে পৰিপূৰ্ণ হৈ থকা দৃশ্যমান হোৱাটো এক স্বাভাৱিক পৰিঘটনাত হোৱাৰ উপক্ৰম ঘটিছে। মূলতঃ চহৰখনৰ একাংশ লোকৰ নিজ গৃহৰ জাবৰ–জোঁথৰ আনি ৰাজপথত পেলোৱাটো এক অভ্যাসত পৰিণত হোৱাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলিয়েই সচেতন ৰাইজৰ মুখত উচ্চাৰিত হোৱা পোৱা গৈছে। ইয়াৰ সমান্তৰালকৈ ধুবুৰী পৌৰসভাৰ কোনো স্থায়ী জাবৰ পেলোৱাৰ স্থান নথকাকে ধৰি পৌৰসভা কৰ্তৃপক্ষই চৰকাৰে প্ৰদান কৰা জাবৰ নিষ্কাশনৰ অত্যাধুনিক যন্ত্ৰটো কাৰ্য্যক্ষম কৰাৰ অনীহাও চহৰখনৰ একাংশ অঞ্চল জাবৰ–জোঁথৰেৰে পৰিপূৰ্ণ হৈ থকাৰ এটা কাৰক বুলিও পৰিগণিত হৈছে। ইয়াৰ মাজতে আকৌ চহৰখনৰ মাজমজিয়াৰ এখন ব্যক্তিগত বিদ্যালয়ৰ সমীপৰ ৰাজপথৰ দাঁতিত পৌৰসভাৰ এখন জাবৰ পৰিপূৰ্ণ বাহন পৰি থকাৰ বিষয়টোও আঙুলিয়াই দিছে অঞ্চলটোৰ ৰাইজে। ঠিক অনূৰূপে, সেই পথচোৱাৰ কাষতে থকা ‘চিলড্ৰেন পাৰ্ক’ নামৰ উদ্যানখনতো জাবৰ–জোঁথৰেৰে পৰিপূৰ্ণ পৌৰসভাৰ জাবৰ কঢ়িওৱা আন এখন বাহনো ৰখা হোৱা বুলিও জানিব পৰা গৈছে। এনে প্ৰেক্ষাপটত, বিভিন্ন সময়ত ধুবুৰী পৌৰসভাৰ উদ্যোগত ঢাক–ঢোল বজাই ৰূপায়িত কৰি অহা স্বচ্ছ ভাৰত’ আঁচনিৰ বিভিন্ন কাৰ্যসূচীসমূহ বাস্তৱত এক প্ৰহসন নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like