নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিএৰ অধ্যক্ষ পদত শাৰদ পাৱাৰক বিচাৰে ৰাউটে

নিয়মীয়া বাৰ্তা ১২ ডিচেম্বৰঃ ৰাষ্ট্রীয়তাবাদী কংগ্রেছ পার্টী (এনচিপি)ৰ মুৰব্বী শাৰদ পাৱাৰ ইউপিএৰ পৰৱর্তী অধ্যক্ষ হ’ব বুলি কালি এক সূত্রৰ উদ্ধৃতি দি সংবাদ মাধ্যমে প্রতিবেদন প্রকাশ কৰাৰ পাছতে শিৱসেনাৰ নেতা সঞ্জয় ৰাৱটে উল্লেখ কৰিছে যে কংগ্রেছ বর্তমান দুর্বল৷ গতিকে শাৰদ পাৱাৰক ইউপিএৰ অধ্যক্ষ হিচাপে সমর্থন জনাব শিৱসেনাই৷ শিৱসেনাৰ সাংসদগৰাকীয়ে উল্লেখ কৰিছে যে শাৰদ পাৱাৰৰ প্রতি এইক্ষেত্রত আনুষ্ঠানিক প্রস্তাৱ আহিলে তাত তাৎক্ষণিকভাৱে সমর্থন জনোৱা হ’ব৷ অৱশ্যে পাৱাৰে ব্যক্তিগতভাৱে ইউপিএৰ অধ্যক্ষ পদ গ্রহণৰ আমন্ত্রণ অগ্রাহ্য কৰিছে বুলি ৰাউটে উল্লেখ কৰে৷ এই কথা ৰাউটে পূর্বে শুনিবলৈ পোৱা বুলিও সংবাদ মাধ্যমক জনাইছে৷ কংগ্রেছ বর্তমান দুর্বল, গতিকে এনে পৰিস্থিতিত ইউপিএক সবল কৰিবলৈ হ’লে এগৰাকী শক্তিশালী নেতাৰ প্রয়োজন বুলি ৰাউটে নিজৰ প্রতিক্রিয়া ব্যক্ত কৰিছে৷ দেশক নেতৃত্ব দিব পৰা সকলো গুণ শাৰদ পাৱাৰৰ থকা বুলিও ৰাউটে ঘোষণা কৰিছে৷ ইতিমধ্যে ইউপিএৰ অধ্যক্ষ পদত কংগ্রেছৰো একাংশ নেতাই পাৱাৰক বিচাৰিছে৷

You might also like