নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রিয়ংকা চোপ্রা–দিলজিতৰ বিৰুদ্ধে কঠোৰ মন্তব্য কংগনাৰ

দিল্লীত চলি থকা কৃষক বিক্ষোভক সমর্থন

নিয়মীয়া বাৰ্তা ১২ ডিচেম্বৰঃ বলীউডৰ অভিনেত্রী কংগনা ৰাণাৱটে দিল্লীত চলি থকা কৃষকৰ প্রতিবাদক সমর্থন কৰা বাবেই কঠোৰ সমালোচনা কৰিছে প্রিয়ংকা চোপ্রা আৰু দিলজিৎ ডোছানজক৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে কংগনা ৰাণাৱটে প্রিয়ংকা আৰু দিলজিৎ সন্দর্ভত এলানি টুইট প্রকাশ কৰাৰ লগে লগে বিষয়টোক লৈ সৰৱ চর্চা চলিছে সংবাদ মাধ্যমত৷ ৰাণাৱটে উল্লেখ কৰিছে যে দিলজিৎ আৰু প্রিয়ংকা চোপ্রাৰ দৰে অভিনেতা–ভিনেত্রীসক কৃষকৰ প্রতিবাদত উৎসাহ যোগোৱাৰ উপৰি ভুল পথে পৰিচালিত কৰিছে৷ তেওঁলোকৰ এনে কার্যক বাঁওপন্থী সংবাদ মাধ্যমে প্রশংসাৰে ওপচাই দিছে বুলিও উল্লেখ কৰিছে অভিনেত্রীগৰাকীয়ে৷ ইছলামপন্থী তথা ভাৰতবিৰোধী ছবি উদ্যোগে তেওঁলোকক বিভিন্ন ধৰণে সন্মানিত কৰিব বুলিও ৰাণাৱটে মন্তব্য কৰিছে৷ অকল সেয়াই নহয়, কৃষি আইনত কি আছে সেই কথা জানি ল’বলৈও প্রিয়ংকা–দিলজিতক আহ্বান জনাইছে ৰাণাৱটে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কট্টৰ সমর্থক কংগনা ৰাণাৱটক লৈ ইতিমধ্যে বলীউডৰ বহু চেলিব্রেটীয়ে কঠোৰ মন্তব্য আগবঢ়াইছে৷ লক্ষণীয়ভাৱে কেন্দ্রৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰখনৰ সপক্ষত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে কংগনা ৰাণাৱটে৷ অভিনেত্রীগৰাকীৰ সৈতে মহাৰাষ্ট্রৰ শিৱসেনাৰ শেহতীয়াকৈ তীব্র মতানৈক্য ঘটিছে৷

You might also like