ছেপ্টেম্বৰত ভাৰত ভ্রমণলৈ আহিব আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন
- ভাৰত–মার্কিন দ্বিপাক্ষিক সম্পর্কক অধিক সুদৃঢ় কৰাৰ সংকল্প
- অংশগ্রহণ কৰিব জি–২০ৰ সন্মিলনত
নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: আগন্তুক ছেপ্টেম্বৰ মাহত ভাৰত ভ্রমণলৈ আহিব আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন৷ ৰাষ্ট্রপতি হিচাপে এই প্রথমবাৰৰ বাবে ভাৰত ভ্রমণ কৰিব বাইডেনে৷ জি–২০ গোষ্ঠীৰ সন্মিলনত অংশগ্রহণ কৰিবলৈ ভাৰতলৈ আহিব বিশ্বৰ মহাশক্তিমান ৰাষ্ট্রখনৰ শীর্ষ নেতাগৰাকী৷ এই খবৰ সদৰী কৰিছে মধ্য আৰু দক্ষিণ এছিয়া সম্পর্কীয় আমেৰিকাৰ সহকাৰী বিদেশ সচিব ড’নাল্ড লুৱে৷ লুৱে উল্লেখ কৰা অনুসৰি, ভাৰত–আমেৰিকাৰ দ্বিপাক্ষিক সম্পর্কৰ বাবে ২০২৩ চনটো অতি গুৰুত্বপূর্ণ বর্ষ হিচাপে চিহ্ণিত হ’বলৈ গৈ আছে৷ আগন্তুক কেইমাহমানৰ ভিতৰতে ভাৰত–আমেৰিকাৰ সম্পর্কই নতুন মাত্রা লাভ কৰিব বুলি উল্লেখ কৰে লুৱে৷ আমেৰিকাৰ ৰাষ্ট্রপতিৰ ভাৰত ভ্রমণ যে দুয়োখন দেশৰ বাবে গুৰুত্বপূর্ণ, সেই কথা সকলোৰে জ্ঞাত৷ জি–২০ সন্মিলনৰ সভাপতিৰ দায়িত্বত আছে ভাৰত৷ সেই সূত্র ধৰি ভাৰতৰ প্রতিটো কোণত বিভিন্ন বৈঠক অনুষ্ঠিত হৈছে৷ ছেপ্টেম্বৰত শীর্ষ নেতাসকলৰ সন্মিলন অনুষ্ঠিত হ’ব৷ এই সন্মিলনত জ’ বাইডেনে অংশগ্রহণ কৰাটো নিশ্চিত বুলি ইতিমধ্যে ড’নাল্ড লুৱে স্পষ্ট কৰি দিছে৷ আমেৰিকাৰ সহকাৰী বিদেশ সচিবগৰাকীয়ে আশা প্রকাশ কৰিছে যে দুয়োখন দেশৰ বাবে চলিত বর্ষটো সম্পর্ক অধিক সুদৃঢ় কৰাৰ সংকল্পৰ বর্ষ হিচাপে চিহ্ণিত হ’ব৷
লক্ষণীয় যে ভাৰতে জি–২০ সন্মিলনৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ বিপৰীতে জাপানে জি–৭ সন্মিলন আয়োজন কৰিছে৷ আমেৰিকাত আয়োজিত হ’ব এপেক সন্মিলন৷ ইফালে, কোৱাড সদস্য হিচাপেও ভাৰতৰ গুৰুত্ব বৃদ্ধি পাইছে৷ এনেধৰণৰ সন্মিলনবোৰে ভাৰত–আমেৰিকাক অধিক ওচৰ চপাই অনা বুলি ড’নাল্ড লুৱে উল্লেখ কৰে৷ অকল আমেৰিকাৰ ৰাষ্ট্রপতি বাইডেনেই নহয়, চলিত বছৰত ভাৰতলৈ আহিব মার্কিন বিদেশ সচিব এণ্টনী ব্লিংকেন, বিত্ত সচিব জানেট য়েলেন আৰু বাণিজ্য সচিব গিনা ৰাইমণ্ডো৷ ফলত বিভিন্ন বিষয়ক লৈ দুয়োখন দেশৰ মাজত আলোচনা অনুষ্ঠিত হ’ব৷ এই আলোচনাবোৰে সম্পর্ক অধিক মজবুত কৰি তুলিব বুলি বিশেষজ্ঞসকলেও মন্তব্য কৰিছে৷