নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসেৱা আয়োগৰ পৰীক্ষাত ব্যাপক খেলিমেলি; বঞ্চনাৰ অভিযোগ তুলি আয়োগৰ দ্বাৰস্থ বহু প্রার্থী

  • কম নম্বৰ পোৱা প্রার্থী উত্তীর্ণ হ’ল প্রাৰম্ভিক পৰীক্ষাত
  • কাট অফ মার্ক প্রকাশ পোৱাৰ পাছতে বঞ্চনাৰ অভিযোগ তুলি আয়োগৰ দ্বাৰস্থ বহু প্রার্থী

 

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: অসম লোকসেৱা আয়োগ (এপিএছচি)–এ শেহতীয়াকৈ ঘোষণা কৰা সংযুক্ত প্রতিযোগিতামূলক (প্রাৰম্ভিক) পৰীক্ষা ২০২২ৰ ফলাফলত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন হৈছে৷ বঞ্চিত একাংশ প্রার্থীয়ে কম নম্বৰ পোৱা প্রার্থীক উত্তীর্ণ কৰোৱা বুলি আয়োগৰ বিৰুদ্ধে মুকলিকৈ উত্থাপন কৰিছে অভিযোগ৷ উল্লেখ্য যে যোৱা ২৬ মার্চত অনুষ্ঠিত হৈ যোৱা প্রাৰম্ভিক পৰীক্ষাৰ ফলাফল আৰু কাট অফ মার্ক ১২ এপ্রিলত প্রকাশ কৰিছিল এপিএছচিয়ে৷ লক্ষণীয়ভাৱে পৰীক্ষা অনুষ্ঠিত হোৱাৰ ১৭ দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰাক লৈ একাংশ প্রার্থীয়ে সন্দেহ প্রকাশ কৰিছিল৷ তেনে সময়তে কাট অফ মার্ক প্রকাশৰ পাছতেই বহু বঞ্চিত প্রার্থীয়ে আয়োগৰ ওচৰত উত্থাপন কৰিছে একাধিক অভিযোগ৷ বঞ্চিত প্রার্থীসকলে মুকলিকৈ এইবুলি উল্লেখ কৰিছে যে আয়োগে প্রকাশ কৰা ফলাফলৰ পাছত বহু কম নম্বৰ পোৱা প্রার্থী উত্তীর্ণ হৈছে৷ সেয়েহে বঞ্চিত প্রার্থীসকলৰ কোনে কিমান নম্বৰ পাইছে, সেয়া আয়োগে ৰাজহুৱা কৰক৷ সংবাদ মাধ্যমৰ আগত বঞ্চিত প্রার্থীসকলে আজি অভিযোগ তুলি কয় যে কাট অফ মার্ক প্রকাশৰ পাছতেই ১০০তকৈ অধিক প্রার্থীয়ে এপিএছচিৰ কার্যালয়লৈ গৈ এই সন্দর্ভত অভিযোগ তোলাৰ লগতে আৰটিআইৰো আবেদন দাখিল কৰিছিল৷ ইয়াৰ বিপৰীতে আয়োগে তেওঁলোকক ই–মেইলৰ জৰিয়তে অভিযোগ দাখিলৰ পৰামর্শ দিয়ে৷ সেইমর্মে প্রার্থীসকলে ই–মেইলৰ জৰিয়তে তেওঁলোকৰ ওজৰ–আপত্তি আৰু অভিযোগসমূহ দাখিল কৰে যদিও আয়োগে এতিয়ালৈ উক্ত মেইলৰ কোনো উত্তৰ প্রদান কৰা নাই৷ মুখ্যতঃ ইয়াকে লৈ ক্ষুব্ধ হৈ পৰা প্রার্থীসকলে তেওঁলোকৰ অ’এমআৰ শ্বীট ৰাজহুৱা কৰাৰ বাবে দাবী তুলিছে৷ মন কৰিবলগীয়া যে প্রাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ ১৭ দিনৰ ভিতৰতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰি এপিএছচিয়ে মূল পৰীক্ষা জুন মাহত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে৷ সেইমর্মে লিখিত পৰীক্ষাৰ প্র–পত্র পূৰণৰ অন্তিম দিন ৫ মে’ বুলি ঘোষণা কৰিছে এপিএছচিয়ে৷ এনে অৱস্থাত বঞ্চিত প্রার্থীসকলৰ ওজৰ–আপত্তি তথা অভিযোগসমূহ নিষ্পত্তি নোহোৱাত এক অনিশ্চয়তাত কটাবলগীয়া হৈছে প্রার্থীসকলে৷ বঞ্চিত প্রার্থীসকলৰ দাবী– আমাৰ উত্তৰবহীসমূহৰ পুনৰ মূল্যায়ন কৰক৷ অন্যথা আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম৷ ইফালে, বিষয়টোক লৈ আজি ছাত্র মুক্তি সংগ্রাম সমিতিয়ে এপিএছচিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷ সংগঠনটোৱে এপিএছচিৰ প্রাৰম্ভিক পৰীক্ষাৰ বিসংগতিক লৈ এক উচ্চ পর্যায়ৰ তদন্তৰো দাবী কৰিছে৷

You might also like