নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধৰ পৰিৱেশ, পাশ্চাত্যই একাষৰীয়া কৰিলে ৰাছিয়াক

বিশেষ বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনে এইবাৰ ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছে। ফলত ৰাছিয়াই পশ্চিমীয়া দেশৰ আর্থিক সহায়ৰ পৰা বঞ্চিত হ’ব। ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াৰ পদক্ষেপৰ বিষয়ে জনাই ভাষণত বাইডেনে কয় যে মাৰ্কিন প্ৰশাসনে দুটা ৰুছ আর্থিক প্রতিষ্ঠানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাছিয়াই আৰু পশ্চিমৰ পৰা অর্থ সংগ্রহ কৰিব নোৱাৰে অথবা পশ্চিমীয়া বজাৰত বাণিজ্য কৰিবও নোৱাৰে। দিনটোৰ আৰম্ভণিতে জার্মানী আৰু ব্রিটেইনে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপৰ কথা ঘোষণা কৰাৰ পাছত মাৰ্কিন প্ৰশাসনেও নিষেধাজ্ঞা ঘোষণা কৰে। ইউৰোপীয় ইউনিয়নে ৰাছিয়াৰ বহুকেইজন কর্মকর্তাৰ সমান্তৰালকৈ ৰাছিয়াৰ সশস্ত্র বাহিনীক আর্থিক সাহায্য প্রদানকাৰী বেংকবোৰৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে। আনপিনে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে পূব ইউক্রেইনৰ দুই বিচ্ছিন্ন অঞ্চলত সেনা মোতায়েনৰ নির্দেশ দিছে।

You might also like