নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: তিনি কৃষি আইন প্রত্যাহাৰৰ সিদ্ধান্ত গ্রহণ কৰাৰ পিছতেই প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ পত্র প্রেৰণ কৰিছে বিজেপি সাংসদ বৰুণ গান্ধীয়ে৷ কৃষক সংগঠনৰ প্রতিবাদক সমর্থন জনাই দলীয় নেতৃত্বৰ ৰোষত পৰা উত্তৰ প্রদেশৰ পিলিভিটৰ সাংসদ বৰুণ গান্ধীয়ে প্রধানমন্ত্রীলৈ পত্র লিখি কৃষকক ক্ষতিপূৰণৰ লগতে কৃষকসকলে দাবী জনাই অহা শস্যৰ নূ্যনতম সমর্থন মূল্য (এমএছপি) নিশ্চিত কৰাৰ বাবে দাবী জনায়৷
পত্রখনত সাংসদগৰাকীয়ে কয় যে যদি এই সিদ্ধান্ত আগতে হ’লহেঁতেন, তেতিয়াহ’লে নিৰীহ কৃষকৰ জীৱন নগ’লহেঁতেন৷ কৃষকে দাবী কৰা এমএছপি নিশ্চিত নকৰালৈকে তেওঁলোকৰ আন্দোলন সমাপ্ত কৰিব পৰা নাযাব৷ কৃষক আন্দোলনত প্রাণ হেৰুওৱা প্রতিবাদী কৃষকৰ পৰিয়ালক এক কোটি টকাকৈ ক্ষতিপূৰণৰ দাবীও পত্রখনত উল্লেখ কৰিছে৷ আনহাতে, উত্তৰ প্রদেশৰ লখিমপুৰ খেৰিত হিংসাত জড়িত হৈ পৰা কেন্দ্রীয় মন্ত্রী অজয় কুমাৰ মিশ্র ‘টেনি’ৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈও পত্রখনত দাবী জনাইছে সাংসদগৰাকীয়ে৷