নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ নীলমণি ফুকন ক্ষেত্ৰত ৯১ সংখ্যক শংকৰ সংঘৰ অধিৱেশনৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: অহা ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নাহৰকটীয়াৰ ৰাঙলী পথাৰত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ’ব লগা এই অধিৱেশনৰ পৱিত্ৰ লাইখুঁটা আজি স্থাপন কৰা হয়।

প্ৰায় ১৫ সহস্ৰাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে হৰিধ্বনিৰে মাজেৰে লাইখুঁটা স্থাপন কৰে। বাগ্মীবৰ নীলমণি ফুকন ক্ষেত্ৰ নামেৰে নামাকৰণ কৰা নাহৰকটীয়া নগৰৰ সমীপৱৰ্তী ৰাঙলী পথাৰ আৰু কলিয়াপানী এলেকাত আয়োজিত হ’বলগীয়া অধিৱেশনস্থলীৰ লাইখুঁটা স্থাপন উপলক্ষে লোকাৰণ্য হৈ পৰে অধিৱেশনস্থলী ৷

সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, সম্পাদক প্ৰধান বাবুল বৰা আৰু আদৰণি সমিতিৰ কাৰ্যকৰী তথা স্থানীয় বিধায়ক তৰংগ গগৈক ভকত বৈষ্ণৱে এখন পুষ্পসজ্জিত বাহনত লাইখুঁটা স্থলীলৈ আদৰি আনে। অনুষ্ঠানত উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰাও । আই সকলৰ ঠিয় নাম আৰু ভকত ৱৈষ্ণৱৰ হৰিনামেৰে মুখৰিত এক মাঙ্গলিক পৰিৱেশত লাইখুঁটা স্থাপন কৰাৰ পিছতেই ৰাঙলী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভাৰ।

পদাধিকাৰ কমলাকান্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত সংঘৰ সম্পাদক প্ৰধান বাবুল বৰা, মন্ত্ৰী অতুল বৰা, শক্তি তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, স্থানীয় বিধায়ক তৰংগ গগৈ, অসম পৰ্যটন উন্নয়ণ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি সংঘৰ শীৰ্ষ বিষয়ববীয়াসকল উপস্থিত থাকি অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলো প্ৰকাৰৰ সহায় সহযোগ প্ৰদানৰ আশ্বাস প্ৰদান কৰে।

You might also like