নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্কিন ৰাষ্ট্রপতিৰ অস্থায়ী দায়িত্বত প্রথম মহিলা কমলা হেৰিছ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতিৰ অস্থায়ী দায়িত্বত চুটি সময়ৰ বাবে অধিষ্ঠিত হৈছে ভাৰতীয় বংশোদ্ভৱ দেশখনৰ প্রথম মহিলা উপ–ৰাষ্ট্রপতি কমলা হেৰিছ৷ ৰাষ্ট্রপতি জ’ বাইডেনে স্বাস্থ্যজনিত কাৰণত চিকিৎসালয়ত ভর্তি হৈ থাকিবলগীয়া হোৱা বাবে শুকুৰবাৰে ৫৭ বছৰীয়া উপ–ৰাষ্ট্রপতি কমলা হেৰিছক অস্থায়ীভাৱে ৰাষ্ট্রপতিৰ দায়িত্ব প্রদান কৰা হয়৷

চিকিৎসালয়ত ভর্তি হৈ থকাৰ সময়ছোৱা অর্থাৎ ৮৫ মিনিটজুৰি মার্কিন ৰাষ্ট্রপতিৰ দায়িত্ব চম্ভালে উপ–ৰাষ্ট্রপতি হেৰিছে৷ উল্লেখ্য যে ৰাষ্ট্রপতি বাইডেনে কালি চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে যাওঁতে চিকিৎসকে ভর্তি কৰিবলগীয়া হৈছিল৷

You might also like