নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লণ্ডন যাত্রাৰ পূর্বে দুবাৰ টিকট কাটিও বাতিল কৰিছিল বিজয় ৰূপানিয়ে

🔹 অভিশপ্ত বিমানত উঠাৰ কথা নাছিল প্রাক্তন মুখ্যমন্ত্রীৰ !

নিউজ ডেস্ক, ১৫ জুন : আহমেদাবাদৰ ভয়াৱহ বিমান দুর্ঘটনাত এজন যাত্রীৰ জীৱন ৰক্ষা পৰিলেও বিমানত থকা বাকী ২৪১জনৰেই মৃত্যু হৈছে৷ ইয়াৰ ভিতৰত আছিল গুজৰাটৰ প্রাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানিও৷ ১২ জুনত আহমেদাবাদৰ পৰা লণ্ডনলৈ যাত্রাৰ উদ্দেশ্যে এয়াৰ ইণ্ডিয়াৰ ৭৮৭–৮ ড্রীমলাইনাৰ বিমানত উঠিছিল প্রাক্তন মুখ্যমন্ত্রীগৰাকীও৷ কিন্তু বিজয়ৰ ঘনিষ্ঠ মহলে সংবাদ মাধ্যমক জনোৱা অনুসৰি ১২ জুনত লণ্ডন যাত্রা প্রথম পছন্দৰ নাছিল প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ৷

জানিব পৰা গৈছে যে লণ্ডনত পত্নী আৰু কন্যাক দেখা কৰিবলৈ যোৱাৰ বাবে এই টিকট কটাৰ পূর্বে দুবাৰ টিকট বাতিল কৰিছিল বিজয় ৰূপানিয়ে৷ লণ্ডন যাত্রাৰ বাবে মে’ মাহৰ ১৯ তাৰিখত প্রথম টিকট কাটিছিল ৰূপানিয়ে৷ সেই টিকট বাতিল কৰি ৫ জুনৰ বাবে দ্বিতীয়বাৰৰ বাবে টিকট কাটে৷ ব্যক্তিগত কোনো সমস্যাৰ বাবে সেই টিকটো বাতিল কৰি দিয়ে ৰূপানিয়ে৷ ইয়াৰ পিছতে এয়াৰ ইণ্ডিয়াৰ এআই ১৭১ বিমানৰ আসন নং ২ডিৰ টিকট কাটে ৰূপানিয়ে৷ এই অভিশপ্ত বিমানখন আকাশত উৰাৰ কেইছেকেণ্ডমানৰ ভিতৰতে ভাঙি পৰে৷ মৃত্যু হয় ২৪১যাত্রীৰ৷ ইয়াৰ ভিতৰত বিজয় ৰূপানিও আছিল৷

বিমান দুর্ঘটনাত মৃত ৰূপানিৰ এটা প্রিয় সংখ্যা আছিল বুলি ঘনিষ্ঠ মহলে সংবাদ মাধ্যমক জনাইছে৷ ৰূপানিয়ে ‘১২০৬’ সংখ্যাটো ব্যক্তিগত তথা চৰকাৰী জীৱনত শুভ সংখ্যা হিচাপে গণ্য কৰিছিল৷ আনকি বিভিন্ন কাম–কাজত ৰূপানিৰ সৈতে এই সংখ্যা জড়িত হৈ থকা দেখিবলৈ পোৱা যায়৷ কিন্তু ভাগ্যৰ কি পৰিহাস যে সেই লাকী সংখ্যাই কাল হ’ল ৰূপানিৰ বাবে৷ ১২/০৬ তাৰিখেই ৰূপানিয়ে বিমান দুর্ঘটনাত মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়৷ শেহতীয়াকৈ এই বিষয়টো সংবাদ মাধ্যমত চর্চালৈ আহিছে৷ ৰূপানিয়ে কিয় ১২০৬ সংখ্যাটো পছন্দ কৰিছিল, সেই কথা অৱশ্যে জানিব পৰা হোৱা নাই৷

You might also like