🔹 মাটি, চৰকাৰী চাকৰি নে টকা
নিউজ ডেস্ক, ১৩ এপ্রিল : মাটি, চৰকাৰী চাকৰি নে টকা? হাৰিয়ানা চৰকাৰৰ ক্রীড়া নীতি অনুসৰি ভিনেশ ফ’গাটক যিকোনো এটা বাছি ল’বলৈ কোৱা হৈছিল৷ অলিম্পিয়ান মল্লযুঁজাৰুগৰাকীয়ে বাছি লৈছে ৪ কোটি টকা৷ কংগ্রেছ বিধায়কগৰাকীয়ে চৰকাৰলৈ লিখা এখন পত্রযোগে নিজৰ পছন্দ প্রকাশ কৰিছে৷ তিনিখন অলিম্পিকত ভাৰতক প্রতিনিধিত্ব কৰা ভিনেশে বিগত পেৰিছ অলিম্পিকত মহিলাৰ ৫০ কেজি শাখাৰ ফাইনেলত প্রৱেশ কৰিছিল যদিও অযোগ্য ঘোষণা কৰা হৈছিল৷ ফাইনেলৰ পুৱা নির্ধাৰিত শৰীৰৰ ওজন অতিক্রম কৰাৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয়৷ ৰাজ্য চৰকাৰৰ ‘গ্রুপ এ’ পদত চাকৰি, চাৰি কোটি টকা বা হাৰিয়ানা শ্বেহৰী বিকাশ প্রাধিকৰণ আঁচনিৰ অধীনত এটুকুৰা মাটি বাছি ল’বলৈ কোৱা হৈছিল৷ ভিনেশে মাটি আৰু চাকৰিৰ সলনি ৪ কোটি টকা লোৱাৰ সিদ্ধান্ত লয়৷ মঙলবাৰে তেওঁ হাৰিয়ানা চৰকাৰৰ ক্রীড়া বিভাগলৈ এখন পত্র লিখি নিজৰ পছন্দৰ কথা প্রকাশ কৰিছিল৷ মন কৰিবলগীয়া যে বিগত হাৰিয়ানা বিধানসভা নির্বাচনত কংগ্রেছৰ টিকটত প্রতিদ্বন্দ্বিতা কৰিছিল ভিনেশে৷ জিন্দ জিলাৰ জুলানা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নির্বাচিত হয় তেওঁ৷