নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত বর্ষটোৰ ভিতৰত উষ্ণ ছেপ্টেম্বৰ

ইউৰোপীয় সংস্থা ক’পাৰনিকাছৰ তথ্য

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ   চলিত বর্ষৰ ছেপ্টেম্বৰৰ মাহটো আছিল আটাইতকৈ উষ্ণ৷ বিশ্বৰ ভিতৰতে ছেপ্টেম্বৰৰ মাহটোক আটাইতকৈ উষ্ণ হিচাপে চিহ্ণিত কৰিছে ইউৰোপীয় বতৰ বিভাগ ক’পাৰনিকাছে৷ যোৱা বছৰ ছেপ্টেম্বৰৰ মাহতকৈ চলিত বছৰৰ ছেপ্ঢেম্বৰ মাহটো ০.০৫ ডিগ্রী চেলছিয়াছ উষ্ণ আছিল৷ অর্থাৎ ছেপ্টেম্বৰৰ মাহৰ এই উষ্ণতাই পূর্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ মানৱ সমাজৰ পৰা নিঃসৰণ ঘটা গ্রীন হাউছ গেছৰ বাবেই অভাৱনীয়ভাৱে বৃদ্ধি পাইছে গোলকীয় উষ্ণতা৷ ইউৰোপীয় সংঘৰ সংস্থা ক’পাৰনিকাছৰ তথ্য অনুসৰি ছাইবেৰিয়াৰ তুষাৰাবৃত অঞ্চলত অভাৱনীয় গোলকীয় উষ্ণতা বৃদ্ধিয়ে প্রতিকূল প্রভাৱ পেলাইছে৷ উপগ্রহ চিত্রৰ তথ্য অনুসৰি এণ্টার্কটিকাৰ তুষাৰ অঞ্চলৰ গলন এই সময়ছোৱাত বৃদ্ধি পাইছে৷ লক্ষণীয়ভাৱে ইউৰোপৰ বাবে চলিত বর্ষটো আটাইতকৈ উষ্ণ হিচাপে চিহ্ণিত হৈছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত কেলিফ’র্নিয়া আৰু অষ্ট্রেলিয়াত বনজুই প্রসাৰত নতুন ইন্ধন আহি পৰিছে বুলিও ক’পাৰনিকাছৰ তথ্যত প্রকাশ পাইছে৷ ক’পাৰনিকাছৰ জলবায়ু পৰিৱর্তন সেৱাৰ উপ–সঞ্চালক ছামান্থা বার্গেছে সংবাদ সংস্থা বিবিচিক জনোৱা অনুসৰি গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৃথিৱীৰ হিমশীতল অঞ্চল সমূহলৈও কঢ়িয়াই আনিছে ভাবুকি৷ স্মর্তব্য যে গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয় লৈ ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশে উদ্বেগ প্রকাশ কৰি আছে যদিও ইয়াৰ মোকাবিলা কৰাৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰা নাই৷

You might also like