নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘২০২৪ত মোদী আকৌ এবাৰ’, বাৰ্লিনত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি

বিশেষ বাৰ্তা, ৩ মেঃ তিনিদিনীয়া ইউৰোপ ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণত জার্মানীৰ উপৰি ডেনমার্ক আৰু ফ্রান্সলৈ যাব প্রধানমন্ত্রীয়ে। সোমবাৰে বার্লিনৰ একাধিক কাৰ্যসূচীত অংশ লৈছে মোদীয়ে। জার্মানীৰ চেন্সেলৰ সৈতেও বৈঠক কৰে। বাণিজ্য সংক্রান্তীয় বৈঠকতো অংশ লয়। এই বছৰত এয়াই প্রধানমন্ত্রীৰ প্রথম বিদেশ ভ্ৰমণ। ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হিচাপে সোমবাৰে ভাৰতীয় দূতাবাসৰ তৰফৰ অনুষ্ঠানত প্রধানমন্ত্রীয়ে উপস্থিত থাকি ভাৰতীয় শিশুৰ সৈতে এটি দেশাত্মবোধক গান গায়। দুই দেশৰ মাজত দ্বিপাক্ষিক সম্পর্ক আৰু জোৰদাৰ কৰিবলৈ চুক্তি স্বাক্ষৰ কৰি ভ্ৰমণ শেষ কৰে। বাৰ্লিনত মোদীকে উষ্ম আদৰণি জনায় প্রবাসী ভাৰতীয়সকলে। তেওঁলোকে বন্দে মাতৰমৰ ধ্বনিৰে স্বাগতম জনায়। মোদীৰ ভাষণ শুনিবলৈ বার্লিনৰ প্রেক্ষাগৃহ উপচি পৰে। তাতেই প্রবাসী ভাৰতীয়সকলে “২০২৪ত মোদী আকৌ এবাৰ” ধ্বনি দিয়ে। ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ সময়ত মোদীৰ এই ভ্ৰমণ নিঃসন্দেহে গুৰুত্বপূর্ণ।

You might also like