নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যালয়ৰ শিক্ষার্থীৰ লগতে পথৰ কুকুৰেও লাভ কৰিব মধ্যাহ্ণ ভোজন 

🔹 চৰকাৰৰ সিদ্ধান্তক প্রশংসা পশুপ্রেমী সংগঠনৰ

নিউজ ডেস্ক, ২৪ জুন : খাদ্যৰ অধিকাৰ মানুহৰ মৌলিক অধিকাৰ৷ সংবিধানপ্রদত্ত এই অধিকাৰ অৱশ্যে দেশৰ সকলো নাগৰিকৰ ভাগ্যত ঘটিছে বুলি ক’ব নোৱাৰি৷ কিন্তু এইবাৰ পথ কুকুৰৰ বাবেও খাদ্যৰ অধিকাৰক গুৰুত্ব প্রদান কৰা হৈছে পশ্চিমবংগত৷

ৰাজ্যখনত সর্বশিক্ষা মিছনে এতিয়াৰে পৰা বিদ্যালয়ৰ মধ্যাহ্ণ ভোজনত শিক্ষার্থীসকলৰ লগতে সেই অঞ্চলৰ পথৰ কুকুৰকো পুষ্টিকৰ খাদ্য দিয়াৰ সিদ্ধান্ত লৈছে৷ অর্থাৎ বিদ্যালয়ৰ ওচৰৰ পথৰ কুকুৰেও লাভ কৰিব মধ্যাহ্ণ ভোজন৷ চৰকাৰৰ এই সিদ্ধান্তক পশুপ্রেমীসকলে প্রশংসা কৰিছে৷ ইয়াৰ পূর্বে পশ্চিমবংগ সর্বশিক্ষা মিছনে শিক্ষার্থীসকলৰ নিৰাপত্তাৰ দিশটোক গুৰুত্ব আৰোপ কৰি এক নির্দেশনা জাৰি কৰিছিল৷ এই নির্দেশনাত উল্লেখ কৰা হৈছিল যে মধ্যাহ্ণ ভোজনৰ উচ্ছিষ্ট পথৰ কুকুৰবোৰক খাবলৈ দিব নোৱাৰিব৷ কিন্তু পশুপ্রেমী সংগঠনসমূহে চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্র প্রতিবাদ কৰিলে৷ পশুপ্রেমীসকলৰ যুক্তি আছিল যে চৰকাৰৰ এনে কার্যৰ ফলত শিক্ষার্থী আৰু কুকুৰৰ মাজত সংঘর্ষৰ ঘটনা বৃদ্ধি পাব পাৰে৷ পথৰ কুকুৰবোৰ ভোকাতুৰ হৈ থাকিলে অধিক আক্রমণাত্মক হৈ পৰিব বুলি যুক্তি দর্শাইছিল পশুপ্রেমী সংগঠনসমূহে৷ ইয়াৰ পিছতে সর্বশিক্ষা মিছনে পূর্বৰ নির্দেশনা বাতিল কৰিবলৈ বাধ্য হয়৷ এতিয়াৰে পৰা শিক্ষার্থীসকলৰ উপৰি বিদ্যালয়ৰ সমীপৰ পথৰ কুকুৰবোৰৰ বাবেও পশ্চিমবংগ সর্বশিক্ষা মিছনে মধ্যাহ্ণ ভোজন যোগান ধৰিব৷

চৰকাৰৰ এই সিদ্ধান্তক অতি সংবেদনশীল আৰু মানৱীয় সিদ্ধান্ত বুলি পশুপ্রেমীসকলে প্রশংসা কৰিছে৷ সকলো জীৱৰ প্রতি মানুহৰ দায়িত্ববোধ থাকিব লাগে বুলি পশুপ্রেমী সংগঠনসমূহে মন্তব্য কৰিছে৷ চৰকাৰৰ এনে সিদ্ধান্তই কুকুৰবোৰক ভোকাতুৰ অৱস্থাত থকাৰ পৰা ৰক্ষা কৰিব বুলিও বিভিন্ন মহলে ধাৰণা কৰিছে৷

You might also like