পৰকীয়া প্ৰেমত পত্নী! সন্দেহত যুৱকক হত্যা কৰিলে স্বামীয়ে…
নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ পত্নী পৰকীয়া প্ৰেমত পৰিছে, এই সন্দেহৰ বশৱর্তী হৈ এজন যুৱকক হত্যা কৰিলে স্বামীয়ে। এই ঘটনা হাওৰাৰ বালি থানাৰ লালবাড়ি অঞ্চলৰ। বিগত ১০ জানুৱাৰীৰ নিশা ঘটিল এই ঘটনা। ইতিমধ্যে অভিযুক্ত স্বামীক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃতক তিনি দিনৰ আৰক্ষী জিম্মাত লোৱাৰ নির্দেশ দিছে আদালতে।
জনা গৈছে বালি থানাৰ লালবাড়ি অঞ্চলৰ স্থানীয় বাসিন্দা গোপাল সর্দাৰ, পত্নী আৰু পুত্ৰক লৈ বিগত ৪ জানুৱাৰীত কুলপিত তেওঁৰ এজন আত্মীয়ৰ ঘৰলৈ গৈছিল। তেওঁৰ সংগী হৈ গৈছিল স্থানীয় এজন গেৰেজ কর্মী অমল হালদাৰ। যাত্রাপথত গোপালৰ সন্দেহ হয় ২৮ বছৰীয়া যুৱক অমলৰ সৈতে তেওঁৰ পত্নীৰ বিবাহ বহির্ভূত সম্পর্ক আছে। ইয়াকে লৈ আত্মীয়ৰ ঘৰতেই পত্নীৰ সৈতে তুমুল অশান্তি হয় এই ব্যক্তিৰ। যাৰ পাছতে ৭ জানুৱাৰীত বালিলৈ পুনৰ ঘূৰি আহে গোপাল। তেওঁৰ পত্নী আৰু অমল হালদাৰ আহে ১০ তাৰিখে।
ইপিনে ঘৰলৈ অহাৰ পাছতেই অমলৰ সৈতে গোপালৰ কাজিয়াৰ সূত্ৰপাত হয়। অভিযোগ মতে সেই সময়তে হঠাৎ লাঠি দি অমলৰ মূৰত সজোৰে আঘাত কৰে গোপালে। ঘটনাস্থলীত ৰক্তাক্ত অমল লুটি খাই পৰে। সংকটজনক অৱস্থাত নিশাই উত্তৰপাড়া ষ্টেট জেনাৰেল হাস্পতাললৈ নিয়ে যদিও তাতেই অমলৰ মৃত্যু হয়।
এই ঘটনাৰ পাছতে ইতিমধ্যে অমল হালদাৰৰ পৰিয়ালে গোপাল সর্দাৰৰ নামত বালি থানাত হত্যাৰ অভিযোগ দাখিল কৰিছে। তাৰ ভিত্তিতেই তদন্ত আৰম্ভ কৰি হত্যাৰ অভিযোগত গোপালক গ্রেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত হত্যাৰ গোচৰ ৰুজু হৈছে। ধৃতক বৃহস্পতিবাৰে আদালতলৈ নিয়া হয় আৰু তিনিদিনৰ আৰক্ষী জিম্মাত দিয়াৰ নির্দেশ দিয়া হয়।