নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুৰ পূৰ্বে কৰিছিল অন্তিম ইচ্ছাঃ ৰাম মন্দিৰৰ বাবে দিলে ৭ লাখ মূল্যৰ নিজৰ গহনা

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভাৰতজুৰি দান-বৰঙণি চলি আছে। গৌতম গম্ভীৰ, ৰামনাথ কোবিন্দৰ দৰে প্ৰভাৱশালী ব্যক্তিয়েও মন্দিৰ নিৰ্মাণৰ বাবে আগবঢ়াইছে প্ৰচুৰ অৰ্থ।

কিন্তু ইয়াৰ মাজতে এগৰাকী সাধাৰণ মহিলাই ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আগবঢ়োৱা বৰঙণিৰ খবৰে চুই গৈছে সকলো ধাৰ্মিক লোকৰে অন্তৰ। যোধপুৰৰ আশা বৈশ নামৰ এগৰাকী মহিলাৰ স্বামীয়ে যোৱা ৪ ফেব্ৰুৱাৰীৰ দিনা ৰাম মন্দিৰৰ বৰঙণি তোলা সমৰ্পণ নিধিৰ হৈমন্তলৈ ফোন কৰে।

নিজকে আশা বৈশ নামৰ মহিলাগৰাকীৰ স্বামী বিজয় সিং বুলি পৰিচয় দি তেওঁ কয়- ‘মোৰ পত্নীয়ে নিজৰ অন্তিম ইচ্ছা অনুযায়ী ৰাম মন্দিৰলৈ তেওঁ সমস্ত সোণ-ৰূপৰ আ-অলংকাৰ দান কৰিব বিচাৰিছিল তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ আগেয়ে। এতিয়া তেওঁ ঢুকাল। আপোনালোকে আহি সোণখিনি বৰঙণি ৰূপে গ্ৰহণ কৰি পত্নীৰ অন্তিম ইচ্ছা পূৰণ কৰক।’

কথাখিনি কৈ কান্দোনত ভাগি পৰা স্বামীগৰাকীক সান্ত্বনা দি সমৰ্পণ নিধিৰ লোকগৰাকীয়ে আশাৰ বৈশৰ ইচ্ছা পূৰণ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সুকলমে পূৰণ কৰিবলৈ পৰামৰ্শ দিয়ে।

দান-বৰঙণিৰ নিয়ম অনুযায়ী গহনা লোৱাত বাধা থকাত মহিলাগৰাকীৰ ১৫ তোলা সোণ, ২৩ গ্ৰাম ৰূপ বিক্ৰী কৰি লাভ কৰা ৭,০৮,৫২১ টকা ৰাম মন্দিৰলৈ বুলি দান কৰে পৰিয়ালৰ লোকে।

You might also like