নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ শ্ৰমিকৰ কথা কিয় পূৰ্বে মনত পৰা নাছিল ৰাহুল গান্ধীৰঃ ড০ হিমন্ত বিশ্ব শৰ্মা

ৰাহুল গান্ধীক কটাক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ “চাহ শ্ৰমিকৰ কথা কিয় পূৰ্বে মনত পৰা নাছিল ৰাহুল গান্ধীৰ। তেওঁলোকৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ চলি আছিল তেতিয়া চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি আছিল ৯৪ টকা। গতিকে যিগৰাকী নেতাই ২০১৪ চনলৈকে মাত্ৰ ৯৪ টকা চাহ শ্ৰমিকক মজুৰি দিছিল, তেওঁ ৩০০, ৪০০ আদি শব্দ মুখত লোৱাটো শোভা নাপায়।”– লখিমপুৰৰ জইহিং চাহ বাগিচাত উপস্থিত হৈ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

পুনৰ কংগ্ৰছ নেতা ৰাহুল গান্ধীক কটাক্ষ কৰি তেওঁ কয় যে হয়তো কোনেও ৰাহুল গান্ধীক বুজাই দিয়া নাই যে বিজেপি চৰকাৰৰ দিনতেই চাহ শ্ৰমিকৰ মজুৰি ন্যূনতম আছিল। মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি চাহ শ্ৰমিসকলৰ মজুৰি ৯৪ টকাৰ পৰা ১৬৭ টকা হৈছে।

ইপিনে বিধান সভা নিৰ্বাচনত আসন বুজাবুজি সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আসন ভাগ-বাটোৱাৰা কৰাৰ কাৰণে সকলো মিত্ৰদলৰ লগত আলোচনা হ’ব। লগতে আসনক লৈ আমি দিল্লীৰ পৰাও অনুমতি লবলগীয়া হ’ব পাৰে বুলি মন্তব্য কৰে ড০ শৰ্মাই। আনহাতে এইবাৰ উত্তৰ অসমৰ প্ৰতিটো সমষ্টিয়েই থাকিব BJPৰ হাতত বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

You might also like