নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী: দেশৰ ৰাজধানী নতুন দিল্লীত পৌৰ নিগমৰ অমানৱীয় কার্যক লৈ সংবাদ মাধ্যমত সৰৱ চর্চা চলিছে৷ হাৰ কঁপোৱা জাৰৰ মাজতে প্রায় ৩০০ পথৰ কুকুৰক লৈ এক অশীতিপৰ বৃদ্ধাই গছৰ তলত কটাবলগীয়া হৈছে৷ পৌৰ নিগমে ঘৰ আৰু দোকান ভাঙি দিয়াৰ পিছত এই বৃদ্ধাগৰাকীয়ে পথৰ কাষৰ গছৰ তলত এনেদৰে আশ্রয় ল’বলগীয়া হৈছে৷ অশীতিপৰ এই বৃদ্ধাৰ নাম প্রতিমা দেৱী৷ বহু বছৰ ধৰি দিল্লীৰ ছাকেট অঞ্চলত পথকুকুৰবোৰক পৰিচর্যা কৰি আহিছে এই বৃদ্ধাই৷ সংবাদ সংস্থা এ এন আইৰ সন্মুখত প্রতিমা দেৱীয়ে কৈছে যে পৌৰ কর্মীয়ে কোনোধৰণৰ জাননী নিদিয়াকৈ তেওঁৰ ঘৰ ভাঙি দিছে৷ আনফালে, লগত যি সম্পদ আছিল সমস্ত পৌৰ কর্মীসকলে কাঢ়ি নিয়া বুলিও অভিযোগ কৰিছে প্রতিমা দেৱীয়ে৷ অকল সেয়াই নহয়, বৃদ্ধাৰ মৰমৰ কুকুৰবোৰকো মাৰধৰ কৰে পৌৰ কর্মীয়ে৷ উপায়হীন হৈ এতিয়া প্রচণ্ড শীতৰ মাজতো কুকুৰবোৰক লগত লৈ গছৰ তলত আশ্রয় ল’বলগীয়া হৈছে অশীতিপৰ প্রতিমা দেৱীয়ে৷ স্মর্তব্য যে ১৯৮৪ চনৰ পৰা পথকুকুৰক এনেদৰে লালন–পালন কৰি আহিছে প্রতিমা দেৱীয়ে৷