🔹 প্রধানমন্ত্রী মোদীৰ হুংকাৰ
নিউজ ডেস্ক, ২৬ আগষ্ট : কর্তব্যৰত অৱস্থাত কলকাতাৰ আৰ জি কৰ হাস্পতালৰ তৰুণী চিকিৎসকক ধর্ষণ তথা হত্যাক লৈ সমগ্র দেশ উত্তপ্ত হৈ আছে৷ এই শিহৰণকাৰী কাণ্ডৰ তদন্ত কৰি আছে চিবিআয়ে৷ দেশৰ বিভিন্ন প্রান্তত চিকিৎসকসকলৰ নিৰাপত্তাৰ দাবীত প্রতিবাদ সংগঠিত হৈছে৷ এনে পৰিস্থিতিৰ মাজতে আৰ জি কৰৰ নাম উল্লেখ নকৰাকৈ নাৰীবিৰোধী অপৰাধৰ কঠোৰ শাস্তিৰ বাবে প্রয়োজনীয় আইন প্রণয়নৰ কথা উল্লেখ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মহাৰাষ্ট্রৰ জালগাঁৱত ‘লাখপতি দিদি’সকলৰ সন্মিলনত এইবাৰ প্রধানমন্ত্রীৰ মুখত শুনিবলৈ পোৱা গ’ল এই বার্তা৷ প্রধানমন্ত্রীয়ে কয় যে মহিলাৰ বিৰুদ্ধে অপৰাধ অক্ষমণীয় পাপ৷ নাবালক–নাবালিকাৰ ওপৰত যৌন নির্যাতনৰ দৰে ঘটনাৰ শাস্তি হিচাপে দেশৰ আইনত মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান থকা বুলিও উল্লেখ কৰে মোদীয়ে৷ কিন্তু ইয়াৰ পাছতো বিভিন্ন ধৰণৰ হিংসাৰ ঘটনা ঘটি আছে৷ এইক্ষেত্রত ভাৰতীয় ন্যায় সংহিতাত কি অপৰাধৰ কি শাস্তি হ’ব, সেয়া স্পষ্ট কৰা হৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ৰাজ্য চৰকাৰসমূহে মহিলাৰ ওপৰত চলা সকলোধৰণৰ অত্যাচাৰ বন্ধ কৰিবলৈ কঠোৰ আইন প্রণয়ন কৰিব লাগিব৷ ৰাজ্য চৰকাৰসমূহে কঠোৰ পদক্ষেপ গ্রহণ কৰিলে তাত কেন্দ্রীয় চৰকাৰে সহায় কৰিব বুলি মন্তব্য কৰে মোদীয়ে৷ অপৰাধীৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ বিধান থাকিব লাগিব বুলিও মোদীয়ে মন্তব্য কৰে৷ ‘লাখপতি দিদি’ৰ সন্মিলনত নাৰীৰ সবলীকৰণৰ প্রসংগ টানি প্রধানমন্ত্রীয়ে কয় যে সমাজৰ পৰা অপৰাধৰ মানসিকতা নাইকিয়া হ’লেই অত্যাচাৰ বন্ধ কৰিবলৈ সফল হ’ব পৰা যাব৷ লক্ষণীয় যে পূর্বে এই ধৰণৰ অপৰাধৰ ক্ষেত্রত সঠিক সময়ত গোচৰ ৰুজু হোৱা নাছিল বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে বিচাৰ প্রক্রিয়াত গাফিলতি হৈছিল বুলিও অভিযোগ কৰে৷ কিন্তু বর্তমান মহিলাৰ ওপৰত যিকোনো ধৰণৰ অত্যাচাৰৰ অভিযোগ লৈ থানালৈ নহাকৈও ই–এফআইআৰ দাখিল কৰিব পাৰিব বুলি মোদীয়ে মন্তব্য কৰে৷ স্মর্তব্য যে আৰ জি কৰ হাস্পতালৰ ঘটনাৰ পাছত প্রথমবাৰলৈ নাৰী নির্যাতনৰ বিৰুদ্ধে সৰৱ হোৱা দেখিবলৈ পোৱা গ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদীক৷