নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৩ত মন্দাৱস্থাৰ দিশে বিশ্বৰ অর্থনীতি

  • ব্রিটিছ সংস্থা চেণ্টাৰ ফৰ ইক’নমিকছ এণ্ড বিজনেছ ৰিছার্চ (চিইবিআৰ)ৰ প্রতিবেদন
  • মূল্যবৃদ্ধিৰ বিৰুদ্ধে নীতি প্রস্তুত কৰিলেও মন্দাৱস্থাত কৰিব আন্তর্জাতিক অর্থনীতি

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ ক’ভিডত বিধ্বস্ত বিশ্বৰ অর্থনীতি পুনৰুজ্জীৱিত হৈ উঠিলেও অহা বর্ষটো বিশ্বৰ অর্থনীতিৰ বাবে ইতিবাচক নহ’ব৷ ২০২৩ চনত মন্দাৱস্থাৰ কবলত পৰিব বিশ্বৰ অর্থনীতি৷ ব্রিটিছ সংস্থা চেণ্টাৰ ফৰ ইক’নমিকছ এণ্ড বিজনেছ ৰিছার্চ চমুকৈ চি ই বি আৰৰ প্রতিবেদনত ২০২৩ চনত বিশ্ব অর্থনীতি মন্দাৱস্থা হৈ উঠিব বুলি প্রকাশ পাইছে৷ প্রতিবেদনত প্রকাশ পোৱা মতে ২০২২ চনত প্রথমবাৰৰ বাবে বিশ্ব অর্থনীতি ১০০ ট্রিলিয়ন মার্কিন ডলাৰ অতিক্রম কৰিবলৈ সক্ষম হৈছে যদিও ২০২৩ত এয়া সম্ভৱ হৈ নাথাকে৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুঁজিবলৈ নীতি নির্ধাৰকসকলে নীতি প্রস্তুত কৰিলেও অহা বর্ষত বর্ধিত মুদ্রাস্ফীতি নিম্নগামী কৰিবলৈ সক্ষম হৈ নুঠিব৷ উচ্চ হাৰৰ মুদ্রাস্ফীতিৰ সৈতে মোকাবিলা কৰিবলৈ সুদৰ হাৰ বৃদ্ধিৰ পৰিপ্রেক্ষিতত বিশ্ব অর্থনীতি মন্দাৱস্থাৰ সন্মুখীন হ’ব৷

চি ই বি আৰৰ সঞ্চালক ডেনিয়েল নিউফেল্ডে প্রতিবেদনত প্রকাশ কৰা মতে মুদ্রাস্ফীতিৰ সৈতে যুঁজত এতিয়াও কোনো দেশেই জয়ী হ’বলৈ সক্ষম হোৱা নাই৷ ২০২৩ চনত মুদ্রাস্ফীতিৰ সৈতে মোকাবিলা কৰিবলৈ দেশসমূহৰ প্রধান বেংকবোৰে তেওঁলোকৰ নীতি কঠোৰ কৰি তুলিলেও সেয়া কিমান দূৰ ফলৱর্তী হ’ব, তাতো সন্দেহ প্রকাশ কৰা হৈছে৷ অনেক অর্থনৈতিক বিপর্যয়ৰ ফলত সৃষ্ট মুদ্রাস্ফীতি সৈতে মোকাবিলা কৰিবলৈ ঋণৰ ব্যয় দেশসমূহত বর্ধিত হ’ব আৰু ইয়ে সকলো সামগ্রীৰ মূল্যবৃদ্ধি কৰাত অৰিহণা যোগাব৷ চি ই বি আৰৰ প্রতিবেদনত আন্তর্জাতিক মুদ্রানিধিয়ে শেহতীয়াভাৱে বিশ্বৰ অর্থনীতিক লৈ প্রকাশ কৰা প্রতিবেদনৰ সম্ভাৱনাৰ প্রসংগ উল্লেখেৰে বিশ্বৰ তৃতীয়াংশ অর্থনীতিয়ে সীমাবদ্ধ হৈ থাকিব৷ আন্তর্জাতিক জিডিপি–২০২৩ চনৰ ভিতৰত দুই শতাংশতকৈও অধিক বিকাশ ২৫ শতাংশও সম্ভাৱনা নাই বুলি উল্লেখ কৰিছে প্রতিবেদনত৷ আমেৰিকা যুক্তৰাষ্ট্রকে ধৰি উন্নত দেশসমূহৰ অর্থনীতিৰ ওপৰত নেতিবাচক প্রভাৱ অব্যাহত থকাৰ লগতে তৃতীয় বিশ্বৰ দেশসমূহত প্রচণ্ড নেতিবাচক প্রভাৱ পৰিব৷ উন্নয়নশীল আৰু দৰিদ্র দেশসমূহৰ ভিতৰত অধিকাংশৰে অর্থনীতি বিধ্বস্ত হৈ উঠিব৷ বিশ্ব অর্থনীতি মন্দাৱস্থা হৈ পৰাৰ পৰিপ্রেক্ষিতত সামগ্রীৰ মূল্যবৃদ্ধি হোৱাৰ লগতে অনেক লোকে সংস্থাপন হেৰুৱাব৷ বিশ্ব অর্থনীতি মন্দাৱস্থাৰ কবলত পৰিলে ভাৰততো ইয়াৰ নেতিবাচক প্রভাৱ পৰাটো নিশ্চিত৷

বিশেষকৈ ভাৰতৰ ৰপ্তানি আৰু বাণিজ্য অর্থনীতিত বিশ্বৰ অর্থনীতিৰ মন্দাৱস্থাৰ নেতিবাচক প্রভাৱ পৰিব৷ ২০২৩ চনত বিশ্বৰ অর্থনীতি মন্দাৱস্থাৰ কবলত পৰিলেও পৰৱর্তী সময়ত অর্থনীতি পুনৰুজ্জীৱিত হৈ উঠিব৷ ২০৩৭ চনৰ ভিতৰত বিশ্বৰ কেইবাখনো দেশৰ আর্থিক পৰিস্থিতি অভাৱনীয় উত্তৰণ ঘটিব৷ বিশ্বৰ মুঠ ঘৰুৱা উৎপাদন দুগুণ হৈ উন্নয়নশীল অর্থনীতিৰ দেশসমূহে ধনী দেশক স্পর্শ কৰাৰ সম্ভাৱনা আছে৷ পূব এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ অর্থনীতি বিশ্বৰ তৃতীয় হৈ পৰিব৷ আনহাতে ইউৰোপৰ অর্থনীতি নিম্নগামী হ’ব৷ প্রতিবেদনৰ মতে ২০৩৬ চনৰ ভিতৰত আমেৰিকাক অতিক্রম কৰি চীনে বিশ্বৰ বৃহত্তম অর্থনীতিৰ দেশ হিচাপে স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা আছে৷ ধাৰণা কৰাতকৈ পলমকৈ চীনে এই স্বীকৃতি লাভৰ সম্ভাৱনা আছে৷ চি ই বি আৰে ২০২৮ চনৰ ভিতৰতে চীনে আমেৰিকা যুক্তৰাষ্ট্রক অতিক্রম কৰিব পাৰিব বুলি প্রকাশ কৰিছিল যদিও ই পিছলৈ সলনি কৰি ২০৩৬ চনৰ ভিতৰতে আমেৰিকাক অতিক্রম কৰাটো চীনৰ বাবে সম্ভৱ হ’ব বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷

শেহতীয়াভাৱে চীনত শূন্য ক’ভিড নীতি আৰু পশ্চিমীয়া দেশৰ সৈতে বাণিজ্য উত্তেজনাৰ পৰিপ্রেক্ষিতত চীনৰ অর্থনীতি ধাৰণা কৰাতকৈ কিছু নিম্নগামী হ’ব৷ আনপিনে ভাৰতৰ ক্ষেত্রতো প্রতিবেদনত ইতিবাচক সম্ভাৱনা প্রকাশ কৰা হৈছে৷ ২০৩৫ চনত ভাৰত তৃতীয় ১০ ট্রিলিয়ন মার্কিন ডলাৰ অর্থনীতিৰ দেশত পৰিণত হ’ব৷ অর্থাৎ ২০৩২ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা প্রতিবেদনত উল্লেখ কৰিছে৷

You might also like