নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুৎ সংযোগ অবিহনে চলিছে ৰাজ্যৰ ১,১০৭খন বিদ্যালয়

  • গুণোৎসৱৰ প্রাক্ক্ষণত শিক্ষা খণ্ডত উদ্বেগজনক তথ্য
  • জানুৱাৰী মাহৰ ভিতৰতে বিদ্যুৎ সংযোগৰ নির্দেশ শিক্ষা বিভাগৰ
  • ১০৯৭খন প্রাথমিক বিদ্যালয়, ১০খন মাধ্যমিক বিদ্যালয়ত নাই বিদ্যুৎ সংযোগ

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ গুণোৎসৱৰ জৰিয়তে ৰাজ্যৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি তথা শিক্ষাৰ মান পর্যালোচনা কৰি থকাৰ সময়তে শিক্ষাখণ্ডৰ এক উদ্বেগজনক ছবি পোহৰলৈ আহিছে৷ নৱবর্ষৰ আৰম্ভণিতে পুনৰ গুণোৎসৱ আৰম্ভ কৰাৰ বাবে শিক্ষা বিভাগে চলাই থকা প্রস্তুতিৰ মাজতে ৰাজ্যৰ ১,১০৭খন বিদ্যালয় বিদ্যুৎ সংযোগ অবিহনেই চলি আছে৷ আন্তঃগাঁথনি উন্নয়নৰ নামত ৰাজ্য চৰকাৰে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাৰ সমান্তৰালকৈ শিক্ষার্থীক পাঠদানৰ সময়ত সকলোধৰণৰ সুবিধা প্রদানৰো ব্যৱস্থা গ্রহণ কৰিছে৷ এনে পদক্ষেপৰ বিপৰীতে ১,১০৭খন বিদ্যালয় বিদ্যুৎ সংযোগ অবিহনে চলি থকা ঘটনাই স্বাভাৱিকতে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্রতি থকা অৱজ্ঞাৰ দিশটো পুনৰ স্পষ্ট হৈ পৰিছে৷

শিক্ষা বিভাগৰ তথ্য অনুসৰি বিদ্যুৎ সংযোগ অবিহনে চলি থকা এই বিদ্যালয়ৰ অধিকাংশই হ’ল প্রাথমিক বিদ্যালয়৷ ৰাজ্যখনৰ মুঠ ১,০৯৭খন প্রাথমিক বিদ্যালয় আৰু ১০খন মাধ্যমিক বিদ্যালয়ত নাই বিদ্যুতৰ সংযোগ৷ এইসমূহ বিদ্যালয় গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (আৰ আই ডি এফ)ৰ অধীনৰ৷ শেহতীয়াকৈ অসম বিধানসভাতো বিষয়টো উত্থাপন হৈছিল৷ এইক্ষেত্রত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্রকাশ কৰা মতে চলিত বর্ষৰ আৰম্ভণিতে বিদ্যুৎ সংযোগ নথকা বিদ্যালয়সমূহত বিদ্যুৎ সংযোগ কৰা হ’ব৷ শিক্ষা বিভাগে ইতিমধ্যে ইয়াৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিছে৷ উল্লেখ্য যে জানুৱাৰী মাহৰ পৰাই শিক্ষা বিভাগে গুণোৎসৱ আৰম্ভ কৰিব৷ এই গুণোৎসৱৰ প্রাক্ক্ষণত বিদ্যুৎ সংযোগ অবিহনে ১,০৯৭খন বিদ্যালয় চলি থকা বিষয়টোৱে শিক্ষা বিভাগকো কিছু পৰিমাণে অস্বস্তিত পেলাইছে৷ সেয়েহে খৰখেদাকৈ বিদ্যালয়সমূহত বিদ্যুৎ সংযোগৰ কাম আৰম্ভ কৰাৰ বাবে তৎপৰ হৈ পৰিছে শিক্ষা বিভাগে৷

You might also like