🔹 দুই বস্তা ভাঙেৰে ভগৱানক সন্তুষ্ট কৰাৰ প্রতিশ্রুতি
নিউজ ডেস্ক, ৮ আগষ্ট : বিবাহৰ বাবে যোগ্য যুৱতী নাপাই শেষত মহাদেৱলৈ পত্র লিখিলে এজন যুৱকে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই পত্র৷ বিভিন্ন মহলৰ বাবে এই পত্র হৈ পৰিছে হাঁহিৰ খোৰাক৷ অৱশ্যে যুৱকজনে ‘মনৰ মানুহ’ বিচাৰি পালে নে নাই সেয়া জানিব পৰা হোৱা নাই৷ কিন্তু যুৱকজনৰ এই চিঠি এতিয়া ঘূৰিছে ম’বাইলে ম’বাইলে৷ মহাদেৱৰ জন্মৰ মাহ শাওণ৷ এই মাহত মহাদেৱক ভক্তিভাৱে পূজা কৰিলে মনৰ কামনা পূৰণ হয় বুলি ভক্তসকলে বিশ্বাস কৰে৷ এই বিশ্বাসতে বিয়াৰ কথা উল্লেখ কৰি কৈলাস পর্বতৰ ঠিকনাত মহাদেৱলৈ চিঠি লিখিলে যুৱকজনে৷ চিঠিখন ছ’চিয়েল মিডিয়াত পোষ্ট কৰাও হয়৷ ইয়াৰ পাছতে ভাইৰেল হৈ পৰিছে৷ চিঠিত নিজৰ বিয়া নোহোৱাৰ কথা জনাই দুখ প্রকাশ কৰিছে ২৬ বছৰ বয়সীয়া যুৱকজনে৷ গতিকে মহাদেৱে কোনো যুৱতীৰ মন সলনি কৰি তেওঁৰ প্রতি আকর্ষণ বৃদ্ধি কৰাব লাগে৷ অৱশ্যে এই কাম মহাদেৱৰ পৰা বিনামূলীয়াকৈ বিচৰা নাই যুৱকজনে৷ কোনো যুৱতীৰ সৈতে শীঘ্রে বিবাহপাশত আবদ্ধ হ’ব পাৰিলে যুৱকজনে মহাদেৱক দুই বস্তা ভাং দিব বুলি চিঠিখনত উল্লেখ কৰিছে৷ শাস্ত্রমতে শাওণ মাহ শিৱৰ মাহ৷ গতিকে এই মাহত শিৱক আৰাধনা কৰে ভক্তসকলে৷ পিছে এই যুৱকজনৰ জীৱন সংগিনী বিচৰা পত্র মহাদেৱে পালে নে নাই সেই কথা জানিব পৰা হোৱা নাই৷