নিউজ ডেস্ক, ৩ মে’ : ভিন্ন পৰিচয় ! উত্তৰ প্রদেশত তেওঁ ছুইটী৷ হাৰিয়ানাত তেওঁৰ নাম সীমা৷ বিহাৰত নেহা, গুজৰাটত আকৌ সেই তৰুণীৰ নাম কাজল! চাৰিখন ৰাজ্যত চাৰিটা পৰিচয়েৰে বিবাহপাশত আবদ্ধ হৈ বহু পুৰুষক প্রতাৰণা কৰিছিল এই তৰুণীয়ে৷ বিবাহপাশত আবদ্ধ হৈ পুৰুষসকলৰ পৰা টকা–পইচা, অলংকাৰ লৈ পলায়ন কৰে সেই তৰুণীয়ে৷
এনেদৰে এজন এজনকৈ ১২জন যুৱকক প্রেমৰ জালত বন্দী কৰিছিল তৰুণীয়ে৷ ১২জন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈ সকলোকে কেৱল প্রতাৰণা কৰিছিল এই তৰুণীয়ে৷ অৱশেষত আৰক্ষীৰ জালত বন্দী হ’ল ‘বহুবিবাহ’ৰ নায়িকা এই প্রতাৰক তৰুণী৷ উত্তৰ প্রদেশৰ পৰা আৰক্ষীয়ে ছুইটী ওৰফে নেহা ওৰফে সীমা ওৰফে কাজলক গ্রেপ্তাৰ কৰিছে৷
আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, ছুইটীৰ প্রতাৰণাৰ জাল চাৰিওখন ৰাজ্যলৈ বিয়পি আছিল৷ ইফালে, নিজৰ এক অপৰাধী গোটো আছে ছুইটীৰ৷ এই অপৰাধী গোটত চাৰি–পাঁচজন সদস্য আছে৷ অনলাইনত পাত্র–পাত্রীৰ বিজ্ঞাপন দেখুৱাই চিকাৰ বাছনি কৰিছিল প্রতাৰণাৰ এই নায়িকাই৷ লক্ষণীয়ভাৱে বিয়াৰ দিনাখনেই নিজৰ অপৰাধী চক্রৰ জৰিয়তে দৰাক অপহৰণ কৰি সকলো ধন, অলংকাৰ সৰকাই লৈছিল এই তৰুণীজনীয়ে৷
ছুইটী ওৰফে সীমাৰ অপৰাধে চৰম সীমা স্পর্শ কৰিছে৷ বহু অভিযোগৰ পাছত আৰক্ষীয়ে এই কুখ্যাত মহিলাগৰাকীক গ্রেপ্তাৰ কৰিবলৈ বিশেষ দল গঠন কৰে৷ ছুইটীৰ প্রকৃত নাম গুলছানা ৰিয়াজ খান৷ পৰহি গুলছানাৰ আত্মগোপনৰ ঠিকনা লাভ কৰাৰ পাছতে আৰক্ষীৰ বিশেষ দলে তালাচী চলায়৷ তেতিয়াই গ্রেপ্তাৰ হয় এই ‘মায়াৱী’ মহিলা৷