নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিৰেই ৰূপালী পর্দাত প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ কাহিনী

🔹 নির্মাণ হ’ব ক্রিকেটাৰগৰাকীৰ জীৱনীভিত্তিক চলচ্চিত্র

নিউজ ডেস্ক, ২১ আগষ্ট : ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন বিস্ফোৰক অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ কাহিনী অনুৰাগীয়ে উপভোগ কৰিবলৈ পাব ডাঙৰ পর্দাত ৷ কিয়নো প্রাক্তন ভাৰতীয় ক্রিকেটাৰ যুৱৰাজ সিঙৰ জীৱনক লৈ শীঘ্রে নির্মাণ কৰা হ’ব এখন জীৱনীভিত্তিক চলচ্চিত্র অথবা বায়’পিক৷ য’ত প্রাক্তন ক্রিকেটাৰগৰাকীৰ জীৱন সংগ্রাম আৰু সমস্যাবোৰ প্রদর্শিত হ’ব৷ একেখন ছবিতে অনুৰাগীসকলে দেখিবলৈ পাব যুৱৰাজ সিঙৰ দর্শনীয় ৬টা ছিক্সাৰৰ অবিস্মৰণীয় ইনিংছটো৷ এই বায়’পিকখন টি–ছিৰিজৰ বেনাৰত প্রযোজনা কৰা হ’ব৷ ভূষণ কুমাৰ আৰু ৰবি ভাগচান্দকাই এই বিষয়ত যুটীয়াভাৱে কাম কৰাৰ কথা জানিবলৈ পোৱা গৈছে৷ পিছে ছবিখনৰ নাম ভূমিকাত কোনে অভিনয় কৰিব, সেয়া এতিয়াও থিৰাং হোৱা নাই৷ অৱশ্যে, যুৱৰাজ সিঙে অভিনেতা সিদ্ধান্ত চতুর্বেদীয়ে তেওঁৰ চৰিত্রত অভিনয় কৰাটো বিচাৰিছে৷ সিদ্ধান্তৰ চেহেৰা দেখাত যুৱৰাজৰ দৰেই৷ এই খবৰ শুনাৰ পিছত প্রাক্তন ক্রিকেটাৰ যুৱৰাজ সিঙে কয়- ‘মই অত্যন্ত সন্মানিত যে মোৰ কাহিনী বিশ্বজুৰি মোৰ লাখ লাখ অনুৰাগীক দেখুওৱা হ’ব৷ ক্রিকেট মোৰ আটাহতকৈ ডাঙৰ প্রেম আৰু সকলো উত্থান–পতনৰ শক্তিৰ উৎস৷ মই আশা কৰোঁ যে এই চলচ্চিত্রখনে আনসকলক তেওঁলোকৰ প্রত্যাহ্বানবোৰ অতিক্রম কৰিবলৈ আৰু তেওঁলোকৰ সপোনবোৰ অটল আৱেগেৰে অনুসৰণ কৰিবলৈ অনুপ্রাণিত কৰিব৷’ যুৱৰাজ সিঙৰ এই জীৱনীভিত্তিক ছবিখনত অন্তর্ভুক্ত কৰা হ’ব তেওঁৰ পিতৃ–মাতৃৰ পৃথকীকৰণৰ কাহিনী, যিয়ে যুৱীৰ শৈশৱৰ সংগ্রামক প্রকাশ কৰিব৷ ইয়াৰ পিছত থাকিব প্রাক্তন ক্রিকেটাৰগৰাকীৰ ২০০৭ চনৰ টি–২০ বিশ্বকাপৰ ৬টা ছয়ৰ দর্শনীয় ইনিংছটো৷ তদুপৰি ২০১১ চনৰ এদিনীয়া বিশ্বকাপত দেহত কর্কট ৰোগ লৈও দেশখনক বিশ্ব চেম্পিয়ন কৰাৰ ক্ষেত্রত আগবঢ়োৱা উল্লেখযোগ্য ভূমিকাক ছবিখনৰ মাধ্যমেৰে প্রদর্শন কৰা হ’ব৷

You might also like